অসম

assam

ETV Bharat / state

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ - মাৰাথন প্ৰচাৰ

প্ৰচাৰ অভিযানত মৰিগাঁৱত টীম ৰত্নাকৰক জাগীৰোডৰ পৰা যুৱ ছাত্ৰ সকলে সমদল কৰি আদৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাবে অভিভূত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । প্ৰচাৰ অভিযানত যুৱ প্ৰজন্মৰ আনন্দ উল্লাস দেখি অসমীয়া বোলছবি চোৱাৰ প্ৰৱণতা গঢ়ি উঠা বুলি মন্তব্য কৰে টীম ৰত্নাকৰে

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ

By

Published : Oct 3, 2019, 11:49 PM IST

মৰিগাঁও, 3 অক্টোবৰঃ মৰিগাঁৱত টীম ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ । একেদিনাই মৰিগাঁৱৰ বঘৰা,ঔজাৰি, পচতীয়া, চৰাইবাহী আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়কে ধৰি ছয় ঠাইত ৰত্নাকৰৰ প্ৰচাৰ চলালে ছবিখনৰ কলা-কুশলীয়ে । বৃহস্পতিবাৰে দলটোৱে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত গীত আৰু ছবিখনৰ সংলাপ আওৰাই 11 অক্টোবৰত মুক্তি পাবলগীয়া ছবি খন চাবলৈ আহ্বান জনাই অনুৰাগীসকলক ।

মৰিগাঁৱত ৰত্নাকৰৰ মাৰাথন প্ৰচাৰ

আনহাতে, প্ৰচাৰ অভিযানত মৰিগাঁৱত টীম ৰত্নাকৰক জাগীৰোডৰ পৰা যুৱ ছাত্ৰ সকলে সমদল কৰি আদৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাবে অভিভূত হৈ পৰে ছবিখনৰ কলা-কুশলীসকল । প্ৰচাৰ অভিযানত যুৱ প্ৰজন্মৰ আনন্দ উল্লাস দেখি অসমীয়া বোলছবি চোৱাৰ প্ৰৱণতা গঢ়ি উঠা বুলি মন্তব্য কৰে টীম ৰত্নাকৰে । উল্লেখ্য যে, মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয় এই প্ৰচাৰৰ কাৰ্যসূচীত কলেজ কতৃপক্ষক,বাঁহ শিল্পী আৰু সঞ্জীৱন ক'লা নিকেতনৰ শুভেচ্ছা পত্ৰ গ্ৰহণ কৰে ৰত্নাকৰৰ নায়ক যতীন বৰাই ।

ABOUT THE AUTHOR

...view details