ধিং, 23 ডিচেম্বৰ :আকৌ অপৰাধীলৈ গুলী বৰ্ষণ অসম আৰক্ষীৰ ৷ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন লোকলৈ এইবাৰ গুলী চলালে আৰক্ষীয়ে (Police gun fire to rape accused) ৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত ৷ চাৰিদিনত তিনিগৰাকীকৈ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজনীকান্ত দৈমাৰী নামৰ 55 বছৰীয়া এজন লোক ৷ আৰক্ষীয়ে ঘটনাৰ পুনৰ চিত্ৰায়নৰ বাবে লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা চলোৱাত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী (Laharighat rape case encounter) ৷
লাহৰীঘাট থানাৰ অন্তৰ্গত জেঙৰবড়ী গাঁৱত এজন 55 বছৰীয়া ব্যক্তিয়ে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ বাচি লয় তিনিগৰাকীকৈ নাবালিকাক (Three minor raped in Morigaon)৷ অভিযুক্ত এই লম্পট প্ৰকৃতিৰ লোকজনৰ নাম ৰজনীকান্ত দৈমাৰী ৷ একেখন গাঁৱৰে তিনিগৰাকী 6, 7 আৰু 9 বছৰীয়া নাবালিকা কামনাৰ বলি হ’ল এইটো ৰজনীকান্তৰ (Three minors raped by single person) ৷
চাৰি দিনৰ ভিতৰত এজনী এজনীকৈ তিনিওজনী নাবালিকাক ফুচুলাই নিজৰ ঘৰলৈ নি ধৰ্ষণ কৰে মানুহৰূপী এই দানৱটোৱে ৷