অসম

assam

ETV Bharat / state

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ মন্তব্য শিক্ষামন্ত্ৰীৰ - hslc exam

মৰিগাঁৱত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু চি বি এছ চি ৰ পৰীক্ষাসমূহ জুলাই মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰাৰ পোষকতা ৷

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ মন্তব্য শিক্ষামন্ত্ৰীৰ
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ মন্তব্য শিক্ষামন্ত্ৰীৰ

By

Published : May 23, 2021, 7:18 PM IST

মৰিগাঁও, 23 মে' :দেওবাৰে মৰিগাঁৱত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ শৈক্ষিক দিশৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে । উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু চি বি এচ ই ৰ পৰীক্ষাসমূহ জুলাই মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাক লৈ মন্তব্য শিক্ষামন্ত্ৰীৰ

উল্লেখ্য যে, দেওবাৰে এখন ভিডিঅ’ কনফাৰেঞ্চত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু লগতে আটাইকেইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগত এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় । শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্দেশ্যি কয় যে, আগন্তুক জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলো পৰীক্ষা অনুষ্ঠিত হ’ব ।

আনহাতে JEE আৰু NEET ৰ পৰীক্ষাও ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব বুলি মৰিগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে । আনহাতে ছেবা আৰু CBSE ৰ পৰীক্ষা এইবাৰ একে আৰ্হিতে অনুষ্ঠিত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ।

লগতে পঢ়ক :ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

ABOUT THE AUTHOR

...view details