মৰিগাঁও, 25 মাৰ্চ: আজিৰে পৰা আৰম্ভ হোৱা পৱিত্ৰ ৰমজান মাহৰ নামাজ ঘৰতে আদায় কৰিবলৈ মুছলমান সমাজক আহ্বান মৰিগাঁৱৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ । সকলো লোকে নামাজ,তাৰাবি,ইফতাৰ আৰু চেহেৰী আদি নিজ নিজ ঘৰতে আদায় কৰাৰ বাবে ৰাজ্যৰ মুছলমান ধৰ্মাৱলম্বী লোকক আহ্বান জনায় ৷ কাৰণ অব্যাহত আছে কৰ'ণাৰ আতংক,চলিছে লক ডাউন । সকলোৱে মানি চলিছে সামাজিক দুৰত্ব ।
চৰকাৰী নিৰ্দেশনাক মানি ৰমজান মাহ পালনৰ আহ্বান - লক ডাউন
লক ডাউন মানি চলি এইবাৰৰ পবিত্ৰ ৰমজান পালন কৰি সকলো লোকে নামাজ,তাৰাবি,ইফতাৰ আৰু চেহেৰী আদি নিজ নিজ ঘৰতে আদায় কৰাৰ বাবে আহ্বান জনায় মৰিগাঁৱৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷
চৰকাৰী নিৰ্দেশনাক মানি ৰমজান মাহ পালনৰ আহ্বান
সেয়েহে চৰকাৰী লক ডাউনৰ নিৰ্দেশনা মানি এইবাৰৰ পবিত্ৰ ৰমজান পালন কৰাৰ বাবে ৰাইজলৈ গোহাৰি এই সকল লোকৰ ।
লগতে পঢ়ক : ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ