অসম

assam

ETV Bharat / state

প্ৰায় সম্পূৰ্ণ মৰিগাঁৱৰ ৰাম মন্দিৰৰ নিৰ্মাণ - বাঁহৰ ৰাম মন্দিৰ বাতৰি

বহু চৰ্চিত ৰাম মন্দিৰৰ কথা আপুনি নিশ্চয় জানে । কিন্তু অসমত যে এগৰাকী ব্যক্তিয়ে অকলে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে সেই কথা হয়টো আপুনি গম পোৱা নাই । আজি আমি দেখুৱাম সেই ব্যক্তিগৰাকীক আৰু তেওঁ নিৰ্মাণ কৰা ৰাম মন্দিৰটো

as_mrg_02_ram_temple_made_by_bamboo_vis_as10005
মৰিগাঁৱত প্ৰায় সম্পূৰ্ণ ৰাম মন্দিৰ নিৰ্মাণৰ কাম

By

Published : Jul 24, 2021, 8:46 PM IST

মৰিগাঁও, ২৪ জুলাই :বহু চৰ্চিত ৰাম মন্দিৰৰ কথা আপুনি নিশ্চয় জানে । কিন্তু অসমত যে এগৰাকী ব্যক্তিয়ে অকলে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে সেই কথা হয়টো আপুনি গম পোৱা নাই । হয় আপুনি ঠিকে শুনিছে । আমি ৰাম মন্দিৰৰ কথাই কৈছো কিন্তু এইটো হৈছে বাঁহৰ ৰাম মন্দিৰ ।

মৰিগাঁৱৰ ধীৰাজ পাটৰ নামৰ এগৰাকী লোকৰ হাতত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত ৰাম মন্দিৰটো । অত্যন্ত ধৈৰ্য্য আৰু প্ৰচেষ্টাৰ অন্তত শিল্পীগৰাকীয়ে ৰাম মন্দিৰটো সাজি উলিয়াবলৈ সক্ষম হৈছে । প্ৰায় ১ মাহ ধৰি কাম কৰাৰ পাছত মন্দিৰটোৰ ৯০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

মৰিগাঁৱৰ বিশেষ ৰাম মন্দিৰ

সম্প্ৰতি ৰাম মন্দিৰটোৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে ধীৰাজ পাটৰ এতিয়া সকলোৰে প্ৰশংসাৰ কাৰক হৈ পৰিছে ।

কেৱল ৰাম মন্দিৰেই নহয় । তেওঁৰ ঘৰত সজাই থোৱা সকলোবোৰ সামগ্ৰীয়ে শিল্পীগৰাকীয়ে নিজে সাজি উলিয়াইছে । ইয়াৰ ভিতৰত আছে জাহাজ, বাঁহৰ বাচন, জাতীয় পতাকা, বিভিন্ন প্ৰকাৰৰ গৃহসজ্জাৰ সামগ্ৰী । আনকি শিল্পীগৰাকীয়ে প্ৰতীকি ৰূপত বাঁহ-কাঠেৰে সাজি উলিয়াইছে কৰ'ণা ভাইৰাছ ।

লকডাউনৰ সময়চোৱাত শিল্পীগৰাকীয়ে নিৰ্মাণ কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী । সাধাৰণ টেণ্ট হাউচৰ ব্যৱসায় আছে দুই নং গোণামাৰাৰ ধীৰাজৰ । কিন্তু লকডাউনত ব্যৱসায় একপ্ৰকাৰ স্তব্ধ হৈ পৰে । যাৰ বাবে বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে ধীৰাজে । শিল্পীগৰাকীৰ আশা যদি ৰাইজে তেওঁক সঁহাৰি দিয়ে অনাগত দিনতো তেওঁ এনেধৰণৰ কামসমূহ কৰি যাব ।

লগতে পঢ়ক :এইবাৰ বিজেপিলৈ মন মেলিছে AIUDF ৰ বিধায়কে

ABOUT THE AUTHOR

...view details