দমাল-মৰিগাঁও সংযোগী পথ নিৰ্মাণ কাম আৰম্ভ - গড়কাপ্তানি বিভাগ
দমাল - মৰিগাঁও সংযোগী নিৰ্মাণৰ কাম আৰম্ভ ৷ ই টি ভিৰ বাতৰিৰ পাছতেই তৎপৰ হ’ল মৰিগাঁও জিলা গড়কাপ্তানি বিভাগ
মৰিগাঁও, 16 আগষ্ট : ই টি ভি বাতৰিৰ পাছতেই তৎপৰ হ’ল মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ আমোলা ঠিকাদাৰ । দমাল-মৰিগাঁও সংযোগী পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব দিয়া হ’ল ঠিকাদাৰক ৷ ই টি ভিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই তৎপৰ গড়কাপ্তানি বিভাগ ৷ পথৰ দুৰৱস্থাৰ বাবে মৰিগাঁৱৰ দমাল - মৰিগাঁও সংযোগী পথছোৱাত চলাচল কৰিব নোৱাৰে যান বাহন ৷ এই বাতৰি সম্প্ৰচাৰ হৈছিল কেৱল ই টি ভি ভাৰতত । ইয়াৰ পাচতেই তৎপৰ হৈ এজন ঠিকাদাৰক এই ব্যস্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰে মৰিগাঁও গড়কাপ্তানি বিভাগে ৷ এতিয়া ক্ষীপ্ৰতাৰে চলিছে পথ নিৰ্মাণৰ কাম ৷