অসম

assam

ETV Bharat / state

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী - শিশু উন্নয়ন প্ৰকল্প

মৰিগাঁৱৰ কপিলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ মেগা চাইকেল ৰেলী । পুৱা 9 বজাত চাইকেল চলাই এই ৰেলীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ৷

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী

By

Published : Sep 26, 2019, 7:44 PM IST

মৰিগাঁও, 26 ছেপ্টেম্বৰঃপোষণ অভিযানৰ উপলক্ষে মৰিগাঁৱত অনুষ্ঠিত কৰা হৈছে শিশু উন্নয়ন প্ৰকল্পৰ মেগা চাইকেল ৰেলী ৷ পুৱা 9 বজাত চাইকেল চলাই ৰেলীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ৷

মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত বাৰপূজীয়াৰ পৰা চৰাইবাহী গাঁও পঞ্চায়তলৈ প্ৰায় ছয় সাত কিলোমিটাৰ পথ চাইকেল চলাই পোষণ অভিযান উপলক্ষে সজাগতা সৃষ্টি কৰা হয় ৷

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী

বৃহস্পতিবাৰৰ এই চাইকেল ৰেলীত সমাজকল্যাণ বিষয়া দেৱজিত বৰা, লাহৰীঘাটৰ সংহত শিশু উন্নয়ন বিষয়া বিদ্যুৎ হাজৰিকা, কপিলি সংহত উন্নয়ন বিষয়া মণিকা বৰঠাকুৰকে ধৰি সংশ্লিষ্ট বিষয়া, অংগনবাড়ী কৰ্মী, ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে অংশ গ্ৰহণ লয় ।

ABOUT THE AUTHOR

...view details