অসম

assam

ETV Bharat / state

Purabi Dairy cooling store: মৰিগাঁৱত পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলি

মৰিগাঁৱত শ্বেত বিপ্লৱে গো-পালক সকলৰ মাজত কঢ়িয়াই আনিছে আশাৰ বতৰা । মৰিগাঁও দুৱনীত পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলি (Purabi Dairy cooling store) ৷ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলিৰে মৰিগাঁও কেইবা শতাধিক দুগ্ধ উৎপাদকক গাখীৰৰ উচিত মূল্য লাভৰ পথ প্ৰশস্ত কৰিব বুলি আশাৰ কৰিছে দুগ্ধ উৎপাদক কবিন ডেকাই ।

By

Published : Jan 13, 2023, 10:48 PM IST

Purabi Dairy cooling store
মৰিগাঁৱত পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলি

মৰিগাঁৱত পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলি

মৰিগাঁও, ১৩ জানুৱাৰী: মৰিগাঁৱত শ্বেত বিপ্লৱৰ জৰিয়তে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মৰিগাঁও দুৱনীৰ প্ৰগতিশীল কৃষক কবিন ডেকাই ৷ মৰিগাঁও দুৱনীত শুকুৰবাৰে পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলি কৰা হয়(Purabi Dairy cooling store) ৷ এই দুগ্ধ শীতলীকৰণ ভঁৰালটোৰ ফিটা কাটি উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ ডেকাই । এই কাৰ্যসূচীত স্থানীয় দুগ্ধ উৎপাদকসকলৰ লগতে পূৰৱী ডায়েৰীৰ পশু চিকিৎসক ডাঃ পূৰৱী গগৈ আৰু পুৰৱী ডায়েৰীৰ বহুকেইজন বিষয়া উপস্থিত থাকে ।

দুগ্ধ শীতলীকৰণ ভঁৰালৰ উদ্ধোধন কৰি গোটৰ পালক কবিন ডেকাই কয় যে, ছমাহৰ পূৰ্বে পূৰৱী ডায়েৰীৰ ফালৰ পৰা খণ্ড উন্নয়ন পৰ্যায়ৰ এটা দুগ্ধ শীতলীকৰণ কেন্দ্ৰ খোলাৰ বাবে নিবিদা আহ্বান কৰিছিল । সেই নিবিদা জৰিয়তে গো পালক কবিন ডেকাই আবেদন কৰাত পূৰৱী ডায়েৰীৰ কৰ্তৃপক্ষই ভূৰবন্ধা উন্নয়ন খণ্ডত এই কেন্দ্ৰটো অনুমোদন জনায় ।

প্ৰগতিশীল কৃষক তথা গোপালক কবিন ডেকাই লগতে কয় যে, এখন উচিত বজাৰ অভাৱৰ বাবে জিলাখনৰ শিক্ষিত নিবনুৱাসকলে গো-পালন তথা দুগ্ধ উৎপাদনত অনিহা প্ৰকাশ কৰি আহিছিল । পিছে এই শীতলীকৰণ প্ৰকল্পৰ জৰিয়তে এতিয়াৰ পৰা দুগ্ধ উৎপাদকে গাখীৰ বিক্ৰী কৰাৰ বাবে এখন বজাৰ লাভ কৰিব । মূলত এই শীতলীকৰণ সমবায়খনৰ জৰিয়তে অঞ্চলটোৰ দুগ্ধ উৎপাদকসকলৰ দুগ্ধ প্ৰথমে শীতলীকৰণ কৰাৰ সুবিধা লাভ কৰাৰ সমান্তৰালকৈ পূৰৱী ডায়েৰীক উচিত মূল্যত গাখীৰ বিক্ৰী কৰাৰ সুবিধাখিনিও লাভ কৰিব(Purabi Dairy cooling store opens in Morigaon) ।

মৰিগাঁও দুৱনীত পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণ ভঁৰাল মুকলিৰে মৰিগাঁও কেইবা শতাধিক দুগ্ধ উৎপাদকক গাখীৰৰ উচিত মূল্য লাভৰ পথ প্ৰশস্ত কৰিব বুলি আশাৰ কৰিছে দুগ্ধ উৎপাদক কবিন ডেকাই । ক’বলৈ গ‘লে মৰিগাঁৱৰ দুৱনী গাঁৱত কবিন ডেকা নামৰ কৃষকজনে দীৰ্ঘদিন গো পালন আৰু দুগ্ধ উৎপাদনৰ পিছত শেহতীয়াকৈ পুৰৱী ডায়েৰীৰ সহযোগত আৰম্ভ কৰে পূৰৱী ডায়েৰীৰ দুগ্ধ শীতলীকৰণৰ এক প্ৰকল্প । এই প্ৰকল্পই উৎকৃষ্ট নিদৰ্শন তুলি ধৰিছে সমগ্ৰ উত্তৰ পশ্চিম মৰিগাঁৱত ।

জানিব পৰা মতে কবিন ডেকা নামৰ প্ৰগতিশীল কৃষকজনৰ একক প্ৰচেষ্টাত ঘৰতে গঢ় দিয়ে এই ক্ষুদ্ৰ উদ্যোগ । এই উদ্যোগটোৱে কেইবা শ নিবনুৱাৰ বাবে হৈ পৰিছে আশাৰ ৰেঙণি । তেখেতৰ এই শীতলীকৰণ প্ৰকল্পৰ জৰিয়তে বিশেষকৈ জিলাখনৰ মৰিগাঁও চহৰ, ভূৰবন্ধা, ভূৰাগাঁও, লাহৰীঘাটকে সামৰি দুগ্ধ উৎপাদকসকলক এখন বজাৰ প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।

ইয়াৰ বিপৰীতে পূৰৱী ডায়েৰীৰ বিষয়াই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে, পূৰৱী ডায়েৰীৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁৱত ২৫টাকৈ দুগ্ধ শীতলীকৰণ তথা সমবায় খোলা হৈছে । এতিয়া পূৰ্বতকৈ ভাল বজাৰ লাভ কৰিছে দুগ্ধ উৎপাদকসকলে । যিমান গাখীৰ যোগান দিব পাৰে সকলোখিনিয়েই শীতলীকৰণ কৰি গো পালক তথা দুগ্ধ উৎপাদকসকলৰ পৰা গাখীৰ ক্ৰয়ৰ দিহা কৰা হৈছে ।

ইফালে এই দুগ্ধ শীতলীকৰণ ভঁৰালটোৰ উদ্ধোধন কৰি আগবঢ়োৱা ভাষণত টংকেশ্বৰ ডেকাই উল্লেখ কৰে যে জিলাখনত যি পৰিমাণৰ দুগ্ধ দৰকাৰ হয়, সেই পৰিমাণৰ দুগ্ধ উৎপাদন আজিও কৰিবলৈ ব্যৰ্থ । ইয়াৰ কাৰণ হৈছে মৰিগাঁৱত দুগ্ধ শীতলীকৰণ ব্যৱস্থাৰ অভাৱ । অন্ততঃ এতিয়াৰে পৰা এই অভাৱ দূৰ হ'ব । এনে ক্ষেত্ৰত কবিন ডেকা শলাগৰ পাত্ৰ ।

লগতে পঢ়ক:Oil palm in Assam: পৰিৱেশ ধ্বংস হ'লেও অসমত কৰা হ’ব সৰ্বনাশী পাম অইলৰ খেতি

ABOUT THE AUTHOR

...view details