মৰিগাঁও, 25 জুন : উচ্ছেদৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে মৰিগাঁৱৰ ৰাইজে ৷ শনিবাৰে উচ্ছেদৰ দাবীত মৰিগাঁও জিলাৰ ভূৰাগাঁও দৈনিক বজাৰত একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰী পথৰ ওপৰত অবৈধ দোকান উচ্ছেদৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভূৰাগাঁও দৈনিক বজাৰত অব্যাহত থকা ভূমি বেদখল মুক্ত কৰাৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ।
উল্লেখ্য যে, একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি ৰাইজৰ অসুবিধাক উপেক্ষা কৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও দৈনিক বজাৰৰ ৰাজপথ আৱদ্ধ কৰি ব্যৱয়ায় চলায় থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । সৰ্বসাধাৰণ ৰাইজে ওজৰ আপত্তি কৰাৰ পিচতো গা লৰা পৰিলক্ষিত হোৱা নাছিল ব্যৱসায়ীসকলৰ । ইয়াৰ পিচতে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ উচ্ছেদৰ দাবী তোলে প্ৰতিবাদী ৰাইজে ।
জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ভূৰাগাঁও নতুন বজাৰত চৰকাৰী ৰাস্তাৰ ওপৰত অবৈধভাৱে বহুওৱা দোকান-পোহাৰবোৰ উচ্ছেদ কৰি ৰাস্তা মুকলি কৰি দিয়াৰ দাবী জনায় প্ৰতিবাদ ৰাইজে । ভূৰাগাঁও নতুন বজাৰত চৰকাৰী ৰাস্তা দখল কৰি একাংশই অবৈধভাৱে দোকান-পোহাৰ নিৰ্মাণ কৰাৰ ফলত গাড়ী-মটৰৰ চলাচলত বহু অসুবিধাই দেখা দিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।