অসম

assam

ETV Bharat / state

হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মৰিগাঁও ৰাইজৰ - লাহৰীঘাট

হত্যাকাৰীক আটক কৰিব নোৱাৰা আৰক্ষীৰ বিৰুদ্ধে শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদত কঁপিল লাহৰীঘাট ।

 হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ
হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

By

Published : Oct 12, 2020, 9:19 PM IST

মৰিগাঁও, 12 অক্টোবৰ : মৰিগাঁৱৰ কুশতলিত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সাধাৰণ জনতাৰ লগতে ছাত্ৰ সন্থাৰ সদস্য সকল। সিং দেউৰী নামৰ যুৱক জনৰ হত্যাকাৰীক আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত এই বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

উল্লেখযোগ্য যে, ২৯ ছেপ্তেম্বৰৰ নিশা মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কুশতলিত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। সিং দেউৰি নামৰ এজন যুৱকক দুৰ্বৃত্তই নিশংস ভাৱে হত্যা কৰি তাঁতৰ শালত ওলোমাই থৈ গৈছিল।

হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

কিন্তু এনে এক হত্যাকাণ্ডৰ তেৰ দিন অতিবাহিত হোৱাৰ পিছত মাত্ৰ এজন লোকক কৰায়ত্ব কৰি মৰিগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে ৰহস্যজনক ভুমিকা। সেয়ে মৰিগাঁও আৰক্ষীৰ এনে কাণ্ডক ধিক্কাৰ দি ন্যায় বিচাৰি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

তাৰোপৰি মৰিগাঁও আৰক্ষীৰ এনে আচৰণক লৈ এতিয়া নিৰাপত্তাহীনতাত ভোগিছে সৰ্বসাধাৰণ জনতা। অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক আটক কৰি উচিত শাস্তি দিবলৈ আৰক্ষীক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে । নহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

হত্যাকাণ্ড : আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

লগতে পঢ়ক :COVID-19 ত আক্ৰান্ত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details