মৰিগাঁও, 9অক্টোবৰ :মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগী ভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যালয় । সচিব ৰাতুল ডেকাৰ বিৰুদ্ধে স্বাক্ষৰ জালিয়াতিৰ অভিযোগ ৰাইজৰ ।
উল্লেখযোগ্য যে, যোগান বিভাগ বিষয়াৰ লগত সমবায় সচিবৰ গোপন বুজাবুজিৰে দীৰ্ঘ দিনৰ পৰা বিভিন্ন জালিয়াতি কৰা বুলি অভিযোগ তুলিছে স্থানীয় গ্ৰাহক সকলে । তাৰোপৰি শুকুৰবাৰে সভাপতিৰ স্বাক্ষৰ জালিয়াতি কৰাৰ অভিযোগত আৰু একাংশ খাদ্য সুৰক্ষাৰ চাউলৰ পৰা বঞ্চিত লোকে জাগী ভকতগাঁও সমবায়ৰ কাৰ্যালয় ঘেৰাও কৰে একাংশ ৰাইজে ।
মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগীভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যলয় জাগী ভকতগাঁও সমবায় সমিতিৰ সচিব আৰু মৰিগাঁও জিলা যোগান বিষয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি জাগী ভকতগাঁও সমবায় সমিতিৰ অন্তৰ্গত মদনবড়ী অঞ্চলৰ কেইবা শ লোকে আজি বহুদিন ধৰি বঞ্চিত হৈ আছে অসম চৰকাৰৰ খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলকে ধৰি অন্য সামগ্ৰীৰ পৰা ৷
মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগীভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যলয় ৰাইজে অভিযোগ কৰা অনুসৰি উক্ত সমবায়ৰ এজেণ্ট জনৰ মৃত্যু হোৱাৰ পিছত ৰাইজৰ মতামত নোলোৱাকৈ অন্য এজন এজেণ্টৰ পৰা চাউল ল'বলৈ বাধ্য কৰিছিল সমবায় খনৰ সচিব ৰাতুল ডেকাই ৷ মৰিগাঁও জিলা যোগান বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত জাগী ভকতগাঁও সমবায় সমিতিৰ সচিব গৰাকীৰ গোপন বুজাবুজি আছে বুলি খাদ্য সুৰক্ষাৰ চাউলৰ পৰা বঞ্চিত লোক সকলে অভিযোগ কৰে ৷