মৰিগাঁও, 14 নৱেম্বৰ :মৰিগাঁৱত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মৰিগাঁও জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা,অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে,চিমল দেউৰী, জয়ন্ত ডেকা,জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক কল্পতৰু চৌধুৰীকে প্ৰমুখ্যে বহুকেইজন সাংবাদিক সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি মৰিগাঁৱত প্ৰতিবাদী সভা - ক্ষতিপূৰণ
জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি মৰিগাঁৱত প্ৰতিবাদী সভা ৷ উপস্থিত বহু কেইগৰাকী সাংবাদিক সমাজকৰ্মী ৷
পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি মৰিগাঁৱত প্ৰতিবাদী সভা
প্ৰতিবাদকাৰীয়ে অনতিপলমে মৃত্যুৰ তদন্ত বিচাৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ লগতে,ভুক্তভোগী সাংবাদিকৰ পৰিয়ালক 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক :সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি গোৱালপাৰা সাংবাদিক সন্থাৰ প্ৰতিবাদ