অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ - মৰিগাঁও জিলা সমিতি

মৰিগাঁৱত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

By

Published : Nov 6, 2020, 12:21 PM IST

মৰিগাঁও, 6 নৱেম্বৰ:মূল্যবৃদ্ধি ৰোধৰ দাবীৰে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি গণ আন্দোলনৰ হুংকাৰ দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰিগাঁৱত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ

মৰিগাঁও চহৰৰ মাজমজিয়াত ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপ বৈশ্য আৰু মিৰ্জা আৰিফ আলমৰ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক:আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

ABOUT THE AUTHOR

...view details