ধিং, 31 অক্টোবৰ : অত্যাৱশ্যকীয় সামগ্ৰী তথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁট চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি মৈৰাবাৰীত আম আদমী পাৰ্টী (আপ)ৰ প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে শনিবাৰে মৈৰাবাৰী বজাৰত আম আদমী পাৰ্টীৰ সংখ্যালঘু মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে মৈৰাবাৰীত প্ৰতিবাদ - হিন্দু মুছলমানৰ ৰাজনীতি
মৰিগাঁৱত আম আদমী পাৰ্টীৰ প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে মৈৰাবাৰী বজাৰত আম আদমী পাৰ্টীৰ সংখ্যালঘু মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি বিজেপি মিত্ৰজোট চৰকাৰক সমালোচনা প্ৰতিবাদকাৰীৰ ৷
![অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে মৈৰাবাৰীত প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে মৈৰাবাৰীত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9378748-908-9378748-1604136692785.jpg)
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে মৈৰাবাৰী বজাৰৰ মাজমজিয়া উত্তাল কৰি তোলে ৷ প্ৰতিবাদত অংশ লৈ আম আদমি পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আবুল হুছেইনে অভিযোগ কৰি কয় যে শাসনাধীষ্ঠ বিজেপি চৰকাৰে উন্নয়নৰ কথা পাহৰি হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে ৷ 2021 ত বিজেপি চৰকাৰক ওফৰাই আম আদমি পাৰ্টীয়ে অসমত চৰকাৰ গঠন কৰিব বুলিও তেওঁ এক মন্তব্য প্ৰদান কৰে ।
ধিং সমষ্টিৰ আপৰ যুৱ নেতা আবু হানিফে বিজেপি মিত্ৰজোঁট চৰকাৰক সমালোচনা কৰি কয় যে এই চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেলত আদি ইন্ধন জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।
লগতে পঢ়ক:ৰাইজৰ শোষণৰ ধন পুঁজিপতিয়ে বিজেপিক উপহাৰ দিবঃ বিস্মিতা গগৈ