অসম

assam

ETV Bharat / state

বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

মৰিগাঁৱত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিদ্যুত বিভাগত ব্যক্তিগত কৰণৰ বিৰুদ্ধে প্ৰতিবাদ ৷ এই ব্যক্তিগতকৰণ নীতিয়ে দেশৰ লগতে সমগ্ৰ অসমৰ বিদ্যুত গ্ৰাহকৰ ওপৰত মাধমাৰ সোধাব বুলি মন্তব্য কৰে কনিষ্ট অভিযন্তা ইফতিকা হুছেইনে ।

By

Published : Nov 27, 2020, 1:59 PM IST

Updated : Nov 27, 2020, 2:22 PM IST

বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ
বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

মৰিগাঁও ,27 নৱেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো শক্তি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিভাগটো ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদত ।

বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ
শুকুৰবাৰে সমগ্ৰ দেশজুৰি ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ সমান্তৰালভাৱে বিদ্যুত খণ্ডৰ সকলো কৰ্মচাৰী অভিযন্তাৰ যৌথ মঞ্চ,কো-অৰ্ডিনেচন সমিতি অৱ ইলেকট্ৰিচিটি এমপ্লয়জ,ইঞ্জিনীয়াৰ্ছ আৰু পেঞ্চনাৰ মৰিগাঁও জিলা সমিতিৰ নেতৃত্বত মৰিগাঁৱত বিদ্যুত বিভাগৰ কৰ্মচাৰী সকলে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
বিদ্যুত বিভাগক ব্যক্তিগতকৰণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

বিদ্যুত বিভাগৰ অন্তৰ্গত সমূহ কৰ্মীচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জাতীয় স্বাৰ্থ বিৰোধী বিদ্যুত নীতি আৰু দেশৰ বিদ্যুত খণ্ডৰ লগতে অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৷ এই ব্যক্তিগতকৰণ নীতিয়ে দেশৰ লগতে সমগ্ৰ অসমৰ বিদ্যুত গ্ৰাহকৰ ওপৰত মাধমাৰ সোধাব বুলি মন্তব্য কৰে কনিষ্ঠ অভিযন্তা ইফতিকা হুছেইনে।

লগতে পঢ়ক:এহাজাৰ কেডাৰক লগত লৈ UPPLত যোগদান NDFBৰ শীৰ্ষ নেতাৰ

Last Updated : Nov 27, 2020, 2:22 PM IST

ABOUT THE AUTHOR

...view details