মৰিগাঁও, 5 অক্টোবৰ:জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে, কৰ্মচাৰীক ন্যায্যপ্ৰাপ্তি আদায় আদিৰ দাবীৰে সোমবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত জাগীৰোডত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড, দেওশাল আৰু গোভা আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীটোত কৰ্মচাৰী ইউনিয়নৰ সদস্য সকলেও অংশগ্ৰহণ কৰে ৷
ৰাজ্যৰ দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে জাগীৰোডত প্ৰতিবাদ - সদৌ তিৱা ছাত্ৰ সন্থা
সোমবাৰে জাগীৰোডস্থিত কাগজ কলৰ মুখ্যদ্বাৰৰ সন্মুখত সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড, দেওশাল আৰু গোভা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজ্যৰ দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
জাগীৰোডস্থিত কাগজ কলৰ মুখ্যদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে, চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰক শুই থকা চৰকাৰ বুলি অভিহিত কৰি তেওঁলোকৰ দাবী মানি নল'লে আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি প্ৰদান কৰে ৷ প্ৰয়োজনত মধ্য অসম অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰখাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাকাৰী সকলে ৷ আনহাতে চৰকাৰক তেওঁলোকে ভাইৰাছ ৰূপী বুলি কৈ চৰকাৰখন মধ্য অসমৰ ৰাইজৰ বাবে ভাল নহয় বুলি উল্লেখ কৰে ৷