মৰিগাঁও, 24 ডিচেম্বৰ :মৰিগাঁৱৰ বিহুতলী প্ৰাংগণত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰে মহিলাৰ প্ৰতিবাদ। মৰিগাঁও জিলা নাৰী সুৰক্ষা মঞ্চৰ উদ্যোগত জিলাখনৰ 11 টাকৈ ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ বন্ধৰ দাবীত বিভিন্ন শ্ল'গান দিয়ে প্ৰতিবাদী মহিলাসকলে ৷
মৰিগাঁৱত ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী
মৰিগাঁৱত জিলা নাৰী সুৰক্ষাৰ মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মহিলাসকলে ৷
মৰিগাঁৱত ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী
প্ৰতিবাদী মহিলাৰ অভিযোগ অনুসৰি, জিলাখনৰ মুঠ 11 টা ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰে 9 প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে মহিলাক ঋণ প্ৰদান আৰু পৰিশোধৰ নামত ডিঙি হাতৰ গহনা বন্ধকীত থবলগীয়া কৰিছে। ৰাতিলৈকে ঘৰৰ পৰা ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল উঠি নাযায় বুলি অভিযোগ কৰে প্ৰতিবাদী মহিলাসকলে ৷
লগতে পঢ়ক :হিমন্তৰ সদম্ভ ঘোষণাঃ 21ত পুনৰ এবাৰ বিজেপিৰে চৰকাৰ গঠন হ'ব অসমত