অসম

assam

ETV Bharat / state

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া গোৰ্খা

দুয়োটা সংগঠনৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Oct 1, 2019, 2:13 PM IST

Updated : Oct 1, 2019, 2:41 PM IST

মৰিগাঁও, 1 অক্টোবৰঃ মৰিগাঁৱত সোমবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এনআৰচিত খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া গোৰ্খা সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে সংগঠন দুটা ৷ ইয়াৰে অংশ ৰূপে দুয়োটা দলৰ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে মৰিগাঁও ৷

মৰিগাঁৱত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দুয়োটা সংগঠনৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে নাম বাদ পৰা খিলঞ্জীয়া লোকসকলক এনআৰচিত নাম পঞ্জীয়ন কৰাবলৈও দাবী জনায় ৷ উল্লেখ্য যে, দুয়োটা জাতীয় সংগঠনে ধৰ্ণাৰ পাচত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ কেইবাদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Last Updated : Oct 1, 2019, 2:41 PM IST

ABOUT THE AUTHOR

...view details