অসম

assam

ETV Bharat / state

মৰিগাঁও মহাবিদ্যলয়ৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগ - morimorigaon college

মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ ৷ মৰিগাঁৱৰ সমাজ জীৱনত এক অনুষ্ঠান হিচাপে পৰিগণিত হৈছিল মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মা ৷

মৰিগাঁও মহাবিদ্যলয়ৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগ
মৰিগাঁও মহাবিদ্যলয়ৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগ

By

Published : Nov 26, 2020, 9:57 AM IST

মৰিগাওঁ, 26 নৱেম্বৰ:মৰিগাঁও মহাবিদ্যলয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগ ৷ মৰিগাঁৱৰ সমাজ জীৱনত এক অনুষ্ঠান ৰূপে পৰিগণিত হৈ পৰা ডঃ হিমাংশু শৰ্মাৰ অকাল বিয়োগত মৰিগাওঁ মহাবিদ্যালয়ৰ লগতে অঞ্চলটোত শোকৰ ছাঁ ৷ 42 বৰ্ষীয় প্ৰবক্তা গৰাকীৰ মৃত্যুত মৰিগাঁও মহাবিদ্যলয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলৰ লগতে প্ৰাক্তন ছাত্ৰী ছাত্ৰী সকলো যথেষ্ট মৰ্মাহত হৈ পৰে ৷

উল্লেখ্য যে মৰিগাওঁ মহাবিদ্যলয়ৰ শিক্ষক কৰ্মচাৰী,ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ লোক সকলৰ সৈতেও এক মধুৰ সম্পৰ্ক ৰক্ষা কৰা শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মৰিগাঁৱৰ সমাজ জীৱনৰ তথা বৌদ্ধিক অনুষ্ঠানৰ সৈতে জড়িত বহু লোকে মহাবিদ্যালয় প্ৰাংগনত উপস্থিত হৈ প্ৰবক্তা গৰাকীৰ নশ্বৰ দেহৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মৰিগাঁও অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ৰূপে কাৰ্যনিৰ্বাহ কৰা থকাৰ সময়ত কেন্দ্ৰটোক ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থানত উপনীত কৰাৰ ক্ষেত্ৰতো প্ৰবক্তা গৰাকীয়ে কৰা অহোপুৰুষাৰ্থ স্মৰণীয় হৈ ৰ'ব বুলি একাংশ প্ৰাক্তন প্ৰশিক্ষাৰ্থীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:বকোত বন বিভাগৰ চৌহদত গছৰ পৰা পৰি যুৱকৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details