মৰিগাঁও, 19 ছেপ্টেম্বৰ : সমাজৰ শেষৰজন হিতাধিকাৰীয়েও যাতে আয়ুষ্মান ভৱ আঁচনি জৰিয়তে উপকৃত হয় তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত জিলা আয়ুক্তৰ সভা কক্ষত সোমবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ । এই সংবাদমেলতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকে আয়ুষ্মান ভৱ আঁচনি জৰিয়তে সংকটজনক ৰোগীসকলক সকলো চিকিৎসা সাহায্য আগবঢ়াব পাৰে তাৰ বিষয়ে সদৰী কৰে ।
দেশৰ আন আন ৰাজ্যসমূহৰ লেখীয়াকৈ যাতে মৰিগাঁও জিলাতো ভাৰত চৰকাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ আয়ুষ্মান ভৱ আঁচনি জৰিয়তে ৰোগীসকল উপকৃত হ’ব পাৰে তাৰ বিষয়ে আলোচনা কৰা হয় ৷ এই ক্ষেত্ৰত সাংবাদিকসকলকো আগভাগ ল’বলৈ আহ্বান জনায় ডাঃ ফণী পাঠকে ৷
উক্ত সভাত উপস্থিত থাকি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা আঁচনি বিষয়া জুফিন নাজনীনেও আয়ুষ্মান ভৱ আঁচনি সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৷ তেওঁলোকে কয় যে সমাজৰ শেষৰজন হিতাধিকাৰীয়েও যাতে এই আয়ুষ্মান ভৱ আঁচনি জৰিয়তে উপকৃত হয়, তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগৰ সহযোগত প্ৰথমবাৰৰৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী ।