অসম

assam

By

Published : Jun 13, 2019, 8:28 AM IST

ETV Bharat / state

দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব হিন্দু জাগৰণ মঞ্চ

সংবাদমেল সম্বোধন কৰি চৰকাৰক কঠোৰ ভাষাৰে সকিয়নী হিন্দু জাগৰণ মঞ্চৰ ৷ ইছলামীয় মৌলবাদী সন্ত্ৰাসবাদ ৰোধ কৰিব নোৱাৰিলে হিন্দু জাগৰণ মঞ্চই ল'ব বিহিত ব্যৱস্থা ৷

মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল

মৰিগাঁও , 13 জুন :বুধবাৰে মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চই এখন সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেল খনত মঞ্চৰ বিষয় ববীয়াই ছয়গাঁৱৰ আচলপাৰাৰ কাণ্ডৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ৷

হিন্দু জাগৰণ মঞ্চই সংবাদমেলখনত চৰকাৰক কয় যে , চৰকাৰ খনে যে হিন্দু ভোটত জয়ী হৈছিল সেই কথা কথা চৰকাৰে পাহৰি গ’লে সংগঠনটোৱে সহ্য নকৰে ৷ ইয়াৰোপৰি সংগঠনটোৱে সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী যৌন নিৰ্যাতন, ধৰ্ষণ ইত্যাদি প্ৰায়বোৰ অপৰাধত বিশেষ ধৰ্মৰ দুষ্কৃতিকাৰী জড়িত হৈ থকাৰ বিষয়ে দাবী কৰি উক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আৰু যদি অসম চৰকাৰে সংশ্লিষ্ট দুষ্কৃতিকাৰী বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে হিন্দু জাগৰণ মঞ্চই নিজেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি সকিয়াই দিয়ে মৰিগাঁও জিলা সমিতিৰ এইসকল সদস্যই ৷ ইপিনে একেখন সংবাদমেলতে ধিং সমষ্টিৰ বিধায়কে চচিয়েল মিডিয়াত যি ধৰণৰ মন্তব্য কৰিছিল, সেই বিষয়ে তেওঁলোকে বিধায়ক আমিনুল ইছলামক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ মনকৰিবলগীয়া যে কেবক পূৰ্ণ সমৰ্থন জনোৱা বিষয়ে সংবাদমেলত সদৰী কৰে হিন্দু জাগৰণ মঞ্চই ৷

মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল

ABOUT THE AUTHOR

...view details