মৰিগাঁও,8 নৱেম্বৰ:আঘোণৰ আগমনৰ লগে লগে ক্ৰমশঃ সোণোৱালী হ’বলৈ ধৰিছে পথাৰসমূহ ৷ আহ্লাদিত হৈ পৰিছে কৃষকৰ মন ৷ কিয়নো ঘৰলৈ আগমন ঘটিব লখিমীৰ ৷ লাহে লাহে ব্যস্ততা বাঢ়িব দাৱনীসকলৰো ৷ হাতত কাঁচি, ঘিলাচকলীয়া মুঠি আঘোণৰ পথাৰৰ পৰিচিত দৃশ্য ৷
সোণগুটি চপাবলৈ সাজু ৰাজ্যৰ কৃষক সমাজ
কৃষক সমাজৰ প্ৰিয় মাহ আঘোণলৈ মাজত মাথো কেইটামান দিন বাকী ৷ কৃষকসকল তৎপৰ হৈ উঠিছে সোণগুটি চপাবলৈ ৷ চাওক আমাৰ এক প্ৰতিবেদন ৷
কৃষক সমাজৰ প্ৰিয় মাহ আঘোণ
মৰিগাঁৱতো কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা সোণগুটি আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী দাৱনী ৷ মুঠৰ ওপৰত আঘোণক আদৰিবলৈ এতিয়া সীমাহীন ব্যস্ততা কৃষিৰ লগত জড়িত প্ৰতিগৰাকীৰে ৷ সকলো দুখ-ভাগৰ পাহৰি মৰিগাঁৱৰ লখিমী পথাৰত এনেদৰে একেলগ হৈ হাতত কাঁচি লৈ আঘোণক আদৰাৰ প্ৰস্তুতি চলোৱা দেখা গ’ল দাৱনী-হালোৱা-হজুৱাসকলক ৷
লগতে চাওকঃঅনিয়মৰ অভিযোগ: সমবায় এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল