অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰকঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহজোৰা পোষণ অভিযান অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি লাহৰীঘাটৰ পৰা কণ-কণ শিশুৰ অংশ গ্ৰহণেৰে সজাগতামূলক সমদলো বাহিৰ কৰা হয় ৷

By

Published : Sep 30, 2019, 8:32 PM IST

প্ৰধানমন্ত্ৰী সপোন বাস্তৱায়িত কৰকঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

মৰিগাঁও, 30 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোপক্ষক আহ্বান সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ । মৰিগাঁৱৰ জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগকো ধন্যবাদ জনালে মন্ত্ৰী গৰাকীয়ে । সোমবাৰে লাহৰীঘাটৰ কোশতলীত মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা মাহজোৰা পোষণ অভিযান অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৷ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি লাহৰীঘাটৰ পৰা কণ কণ শিশুৰ অংশ গ্ৰহণেৰে সজাগতামূলক সমদল উলিয়াই ৷ উল্লেখ্য যে, অনুষ্ঠানত প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপৰিও উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপাযুক্ত ঋতুৰাজ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

প্ৰধানমন্ত্ৰী সপোন বাস্তৱায়িত কৰকঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details