অসম

assam

ETV Bharat / state

চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে বন্ধ হৈছে নগাঁও কাগজ কলঃপ্ৰদ্যুৎ বৰদলৈ - গৰম ভাতৰ ধোঁৱাই খাইছে বিজেপিক

চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাঁও কাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ সাংসদ হৈ জয়ী হ'লে 25 মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলৰহৈ দিল্লীত মাত মতাৰ আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

Pradyut Bordoloi

By

Published : Apr 2, 2019, 10:51 AM IST

Updated : Apr 2, 2019, 11:48 AM IST

জাগীৰোড,2 এপ্ৰিল : জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷ চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে নগাঁওকাগজ কলটো বন্ধ হোৱা বুলি অভিযোগ কৰে বৰদলৈয়ে । তেওঁ সাংসদ হৈ জয়ী হ'লে 25 মাহে বেতন বঞ্চিত কৰ্মচাৰী সকলৰহৈ দিল্লীত মাত মতাৰ আশ্বাস প্ৰদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

প্ৰদ্যুৎ বৰদলৈ

সোমবাৰে নিশা জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ নিৰ্বাচনৰ তেওঁ জয়ী হ'লে কলটো পুনৰ কাৰ্যক্ষম কৰিম বুলি প্ৰতিশ্ৰুতি দি তেওঁ নৰেন্দ্ৰ মোদী হ'ব খোজা নাই বুলিও মন্তব্য কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যক্ৰমণিকাত জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰণৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছে বুলিও অৱগত কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷
আনহাতে উন্নয়নৰ প্ৰতিশ্ৰুতি বাদ দি সাম্প্ৰদায়িক উচটনি দি বিজেপি দলে নিৰ্বাচনী বৈতৰনী পাৰ হ'বলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

Last Updated : Apr 2, 2019, 11:48 AM IST

ABOUT THE AUTHOR

...view details