মৰিগাঁও, 23 জুন :কেইবাদিনো ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি অহাৰ সময়তে বনাৰ্তৰ বাবে নাও আগবঢ়ালে ৰাজ্যৰ অন্যতম এটিপ্ৰতিষ্ঠিত বেচৰকাৰী সংস্থাই ৷জাৰ্মানীৰ গেৰ্ডা হেংকেল ষ্টিফটুঙৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰি উলিওৱা হৈছে নাও দুখন ৷ অসমৰ অন্যতম এটা প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ হৈ অধ্যাপিকা ড০ শীলা বৰাই মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে প্ৰদান কৰে এই নৌকা ৷
মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে নাও দুখন চমজি লয় জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই । বৃহস্পতিবাৰে নৌকা দুখন লাভ কৰাৰ পিছতেই উপায়ুক্ত দেৱাশীষ শৰ্মাৰ হৈ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই ন্যাসৰ কৰ্মকৰ্তাসকলৰ লগতে অধ্যাপিকা ড৹ শীলা বৰাক মৰিগাঁও জিলা প্ৰশাসন তথা মৰিগাঁওবাসীলৈ দুখনকৈ নাও আগবঢ়োৱা কাৰ্যক শলাগ লয় ৷ লগতে, ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত সাত সাগৰ তেৰ নদীৰ সিপাৰত থকাৰ পিছতো গেৰ্ডা হেংকেল ষ্টিফটুঙৰ পদক্ষেপক তথা ৰাজ্যবাসীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কাৰ্যত ন্যাসৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰে ।