অসম

assam

ETV Bharat / state

ডাকঘৰত ধন জমা কৰোঁতে সাৱধান !

সাৱধান নহ'লে আপোনাৰ জমা ধনৰাশি হৰলুকি কৰিব পাৰে অসাধু পোষ্টেল প্ৰতিনিধিয়ে

ডাকঘৰত ধন জমা কৰোঁতে সাৱধান !

By

Published : May 29, 2019, 9:26 PM IST

মৰিগাঁও, ২৯ মে' :আপুনি বাৰু এজেন্টৰ যোগেদি ডাকঘৰত টকা পইছা জমা কৰিছে নেকি ? যদি কৰিছে তেনেহ'লে সাৱধান ৷ কাৰণ শেহতীয়াকৈ মৰিগাঁৱত সংঘটিত হৈছে এই ধৰণৰ ঘটনা । বুধবাৰে দন্দোৱা অঞ্চলৰ একাংশ গ্ৰাহকে ডাকঘৰৰ পৰা জমা কৰা ধন মোকলাবলৈ আহি প্ৰথমে হতবাক হৈ পৰে ৷ একাংশ গ্ৰাহকে জিলাখনৰ দন্দুৱাৰ এজেণ্ট গীতিমা দেৱীৰ হাতত ধন জমা কৰিছিল যদিও বুধবাৰে জমা ধন মোকলাবলৈ আহি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গ্ৰাহক সকলৰ মাজত ৷

ডাকঘৰত ধন জমা কৰোঁতে সাৱধান !

কিয়নো তেওঁলোকৰ প্ৰাপ্য ধন ইতিমধ্যে ডাকঘৰৰ পৰা প্ৰণৱ মহন্ত নামৰ এজন অখ্যাত ব্যক্তিয়ে ধনসমূহ ডাকঘৰৰ একাংশ কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজিৰে উঠাই লৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহক সকলে ৷ ডাকঘৰৰ কোনো বিষয়বাবত নথকা এই প্ৰণৱ মহন্তকলৈ ৰাইজৰ মনত উত্থাপিত হৈছে ডাঙৰ প্ৰশ্ন ৷ এই ক্ষেত্ৰত ইতিমধ্যে গ্ৰাহকসকলে প্ৰণৱ মহন্ত আৰু এজেণ্ট গীতিমা দেৱীৰ ওপৰত মৰিগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷

আৰু পঢ়কঃ পখিলা খেদাৰ বয়সত দুৰাৰোগ্য ৰোগত আক্ৰান্ত কনমানি উজ্জ্বল

ABOUT THE AUTHOR

...view details