মৰিগাঁও, 12 আগষ্ট:যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ জয়ঢোল বজাইছে ঠিক তেনে সময়তে ৰাজ্যৰ উন্নয়নৰ বাস্তৱ ছবিখন উন্মোচিত হৈছে ৷ বিশেষকৈ গ্ৰামাঞ্চলৰ বাট-পথৰ শোচনীয় অৱস্থাই তাকে প্ৰমাণ কৰিছে ৷ তেনে এক জৰাজীৰ্ণ পথ এটা দেখিবলৈ আপুনি যাব লাগিব মৰিগাঁৱৰ ধৰমতুললৈ য’ত এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ এজাক বৰষুণ দিলে পথাৰ সদৃশ হৈ পৰে পথচোৱা ৷ পথৰ দুৰৱস্থাৰ বাবে মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত যাতায়ত ব্যৱস্থাৰ নামত যমৰ যাতনা ভুগিছে বাৰগোগ গাঁৱৰ ৰাইজে ৷ বোকাময় পথেৰেই দৈনিক অহা যোৱা কৰে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱখনৰ শ শ ৰাইজ ৷ অতি পৰিতাপৰ বিষয়ত বাৰগোগ গাঁৱৰ লোকৰ বাবে একমাত্ৰ যাতায়তৰ সম্বল ৷ যি সময়ত চৰকাৰে উন্নয়নৰ শ্লোগানৰে ঢাক-ঢোল বজাই আছে তেনে সময়তে দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ বাৰগোগ গাঁৱৰ বিধ্বস্ত পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত ছবি ৷
বহুবাৰ চৰকাৰ তথা জন প্ৰতিনিধিক আবেদন কৰিও সুফল লাভ কৰা নাই গাঁৱবাসীয়ে ৷ কেইবাবাৰো পঞ্চায়ত প্ৰতিনিধিক মেৰামতিৰ বাবে আবেদন কৰি আহিছো ৷ কিন্তু পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ সেয়ে পথ চোৱা মেৰামতিৰ অভাৱতে পথাৰ সদৃশ্য হৈ পৰে ৷ যদিহে পথচোৱা মেৰামতি নকৰে তেতিয়া হ’লে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৰাইজে ৷