মৰিগাঁও, 27 এপ্ৰিল : যাতায়তৰ উন্নয়নৰ নামত মৰিগাঁও জিলা গ্ৰাম্য গড়কাপ্তানি বিভাগৰ পথে জীয়াতু ভোগাইছে মৰিগাঁওবাসীক। মাহ মাহ ধৰি আধৰুৱা মৰিগাঁও-দমাল গড়কাপ্তানি পথ। মৰিগাঁও-দমাল সংযোগী মূল পথছোৱাৰ দুৰাৱস্থাত অতিষ্ঠ হৈ পৰিছে পথটোৰে অহা যোৱা কৰা জনসাধাৰণ ৷
মাহ মাহ ধৰি অসম্পূৰ্ণ পথ : জীয়াতু ভোগিছে ৰাইজে
মৰিগাঁৱত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্বে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জনোৱা হৈছিল যদিও আজিও সম্পূৰ্ণ নহ'ল পথছোৱা ৷ মৰিগাঁও-দমাল সংযোগী মূল পথছোৱাৰ এই অৱস্থাত অতিষ্ঠ হৈ পৰিছে পথটোৰে অহা যোৱা কৰা জনসাধাৰণ ৷
উত্থাপিত অভিযোগ মতে মৰিগাঁও দমাল সংযোগী পথছোৱাৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মৰিগাঁৱৰ জনৈক বৰা উপাধিৰ এজন লোকে । কেইবাবছৰ ধৰি পথ আৰু দমালৰ দলং আধৰুৱা হৈ থকাত পথটোৰ নিৰ্মাণৰ কাম জানুৱাৰী মাহত হস্তান্তৰ কৰিছিল নগাঁৱৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানক। নগাঁৱৰ ঠিকাদাৰ গৰাকীয়ে বিগত জানুৱাৰী মাহতে কাম আৰম্ভ কৰি বৰ্তমানেও আধৰুৱা কৰি ৰাখিছে পথটো । পথটোৰ দুৰৱস্থাত পথটোৰে অহাযোৱা কৰা সকলো ৰাইজ খৰ্গহস্ত হৈ পৰিছে পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ বিৰুদ্ধে। আনহাতে স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি মৰিগাঁৱত অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্বে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জনোৱা হৈছিল যদিও আজিও সম্পূৰ্ণ নহ'ল পথছোৱা ৷