অসম

assam

মৰিগাঁও ধৰমতুল সংযোগী পথৰ দুৰৱস্থা

By

Published : Nov 12, 2020, 9:09 AM IST

মৰিগাঁৱত ধৰমতুল মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাই জলাকলা খোৱাইছে দক্ষিণ মৰিগাঁৱৰ শতাধিক গাঁৱৰ ৰাইজক ৷

মৰিগাঁও ধৰমতুল সংযোগী পথৰ দুৰৱস্থা
মৰিগাঁও ধৰমতুল সংযোগী পথৰ দুৰৱস্থা

মৰিগাঁও,12 নৱেম্বৰঃ মৰিগাঁও জিলা গড়কাপ্তানী তথা লোক নিৰ্মাণ বিভাগৰ ধৰমতুল মৰিগাঁও পথৰ দুৰৱস্থাই যাতনা ভোগাইছে ৰাইজক । মৰিগাঁও বাসীয়ে এইপথৰে 37নং ৰাষ্ট্ৰীয় ঘাই পথৰ ধৰমতুলৰ কপিলী দলঙৰ উত্তৰ পাৰত উঠি উজনি নামনি লৈ চমু আৰু চিধা পথৰে আহ যাহ কৰিব পাৰে যদিও পথছোৱাত গধুৰ যান বাহনৰ সঘন আহ যাহৰ ফলত আৰু পাঁচ বছৰে মেৰামতি নকৰাৰ ফলত এতিয়া জৰাজীৰ্ণ হৈ পৰিছে ন কিলোমিটাৰ পথ ৷

ধৰমতুল মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা

পথটোৰ দমাল থান,কটহগুৰি,মাটিপৰ্বত আদি গাঁৱৰ বহু ঠাইত দ গাঁতৰ সৃষ্টি । এজাক বৰষুণতে পুখুৰী সদৃশ পানী জমা হোৱাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷

লগতে চাওকঃ আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details