মৰিগাঁও, 27 মে’: ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ পয়ালগা ছবি (Poor condition of govt school)৷ এজাক বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰীক দিব লগা হয় ছুটী। বৰষুণৰ পানী শ্ৰেণীকোঠাত জমা হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীক ঘৰা-ঘৰি পঠাবলৈ বাধ্য হয় শিক্ষক ৷ অসহায় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসহ প্ৰধান শিক্ষক (Poor condition of govt school in Morigaon)।
"বৰষুণ আহিলেই বন্ধ কৰিবলৈ বাধ্য হয় এইখন বিদ্যালয়ৰ পাঠদান । এজাক সামান্য বৰষুণ পৰিলেই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব নোৱাৰি পঠাই দিয়া হয় ঘৰলৈ। বিদ্যালয়খন বহুবছৰ হোৱাৰ বাবে, বিদ্যালয়খনৰ খুঁটাবোৰো পচিবলৈ আৰম্ভ কৰিছে ৷ আজি ধুমুহাত বিদ্যালখনৰ টিং উৰুৱাই লৈ যোৱাত আমি বিদ্যালয়খন বন্ধ কৰি দিবলৈ বাধ্য হ’লো (Govt schools worst condition) ৷" এই অভিযোগ স্বয়ং বিদ্যালয়খনৰ প্ৰধান শিক্ষক বালিৰাম ডেকাৰ ৷
এই দৃশ্য হৈছে ভলুকাগুৰি গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়ৰ ৷ বাতৰিটো কৰাৰ সময়ত সময় আছিল দিনৰ 10.51 মিনিট ৷ বিদ্যালয়ৰ শ্ৰেণীকোঠাত ডোঙাই ডোঙাই পানী । ডেক্স-বেঞ্চ ইখনৰ ওপৰত সিখন । ওপৰৰ টিং পাত ফুটা, তৰাবল লেখিব পৰা দৃশ্য । বৰষুণৰ প্ৰকোপত বিদ্যালয়খনৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিবলৈ বাধ্য হয় প্ৰধান শিক্ষকগৰাকী ৷