অসম

assam

ETV Bharat / state

মৰিগাঁৱত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ - মৰিগাঁও

মৰিগাঁৱৰ মায়ং ৰাজহ চক্ৰৰ খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে ৫ গৰাকী ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে ।

মায়ং ৰাজহ চক্ৰৰ উদ্যোগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ
মায়ং ৰাজহ চক্ৰৰ উদ্যোগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ

By

Published : Jan 27, 2021, 7:41 PM IST

মৰিগাঁও, ২৭ জানুৱাৰী: মৰিগাঁৱত বুধবাৰে খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকাই । মায়ং ৰাজহ চক্ৰৰ উদ্যোগত ভূমি পট্টা বিতৰণ অনুষ্ঠানটি আয়োজন কৰা হয় ।

মায়ং ৰাজহ চক্ৰৰ অধীনত দ্বিতীয় বাৰৰ বাবে ১,২৬৯ গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে ৫ গৰাকী ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

মায়ং ৰাজহ চক্ৰৰ উদ্যোগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ

মাটিৰ পট্টা প্ৰদান কৰি তেওঁ কয় যে, পূৰ্বে মাটিৰ পট্টা বিচাৰি ৰাইজে মণ্ডলৰ কাৰ্যালয়লৈ গৈ বাট বুলিবলগীয়া হৈছিল । এতিয়া দিছপুৰৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নিৰ্দেশ প্ৰদান কৰা হয় ।

মায়ং ৰাজহ চক্ৰৰ উদ্যোগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ

দিছপুৰৰ পৰা এই নিৰ্দেশনাৰ লাভ কৰাৰ পিছতে লাখ লাখ মানুহৰ নামত ভূমিৰ পঞ্জীয়ন হৈছে । আধা বিঘাৰ পৰা আঠ বিঘা পৰ্যন্ত মাটিৰ গৰাকী হ'বলৈ সক্ষম হৈছে ভূমিহীন পৰিয়ালসমূহ ।

মায়ং ৰাজহ চক্ৰৰ উদ্যোগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণ

লগতে বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মাজত কামৰ পাৰ্থক্য ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । ভূমি পট্টা বিতৰণ অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:দেশৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি অব্যাহত

ABOUT THE AUTHOR

...view details