মৰিগাঁও, 5 অক্টোবৰ : উজনিৰ পৰা নামনি অসমলৈ অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছে মধ্য অসম ৷ নগাঁও জিলাত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰৰ পিচতে এইবাৰ বুধবাৰে নিশা মৰিগাঁও আৰক্ষী আৰু এছ টি এফৰ যুটীয়া অভিযানত সজীৱ গুলী, মাৰণাস্ত্ৰসহ দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুই অভিযুক্ত ক্ৰমে আফাজল হক আৰু ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।
জানিব পৰামতে, মৰিগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰৰ নিশা মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পটুৱাকাটাত কৰ্মচাৰী, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু বিশেষ অভিযান চলাই আফাজুল হক আৰু হাবেজ আলীৰ ঘৰত তালাচী অভিযান চলায়। এই অভিযানত মূল অভিযুক্ত আফাজুল হকৰ ঘৰৰ চৌহদৰ পৰা এটা এয়াৰ পিষ্টল, .22 পিষ্টলৰ 36 টা সজীৱ গুলী আদি উদ্ধাৰ কৰে।