শিৱসাগৰ,মৰিগাঁও, 31 মাৰ্চ : শিৱসাগৰৰো ৫০ জন লোক গৈছিল ধৰ্মীয় অনুষ্ঠানটোলৈ ৷ বৰ্তমান তেওঁলোক উত্তৰ প্ৰদেশৰ চাহৰানপুৰ আৰু জালালপুৰত আবদ্ধ হৈ আছে বুলি শিৱসাগৰৰ হজ কমিটিৰ সদস্যৰ পৰা জানিব পৰা গৈছে।এই সকল লোকক লৈ শংকিত হৈ পৰিছে ৰাইজ । সৰ্বোচ্চ স্বাস্থ্য পৰীক্ষা কৰাৰ অবিহনে উক্ত ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা লোকক নিজৰ ঘৰলৈ আহিব নিদিয়াৰ পোষকতা কৰিছে ৰাইজে ।
দিল্লীৰ নিজামুদ্দিন দৰগাহত তবলিগ-ই-জামাতলৈ যোৱা লোকসকলৰ মাজকত আছিল মৰিগাঁৱৰো একাংশ লোক । সেই সন্দৰ্ভত অসম শ্বুৰা জামাতৰ বিষয়ববীয়া চামছুল আলমৰে সৈতে হোৱা ইটিভি ভাৰতৰ এটা সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অসমৰ সদস্য সকল বৰ্তমানলৈকে কৰ'ণাত আক্ৰান্ত হোৱা নাই বুলি সদৰী কৰে চামছুল আলমে । চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি আছে । আনহাতে সদস্য সকলৰে সঘনে যোগাযোগ চলি আছে বুলিও জনায় আলমে ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উপায়ুক্ত ঋতু ৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই যোৱা নিশা ভূৰাগাঁৱৰ পৰিদৰ্শন বাংলোত মিলিত হৈ চামছুল আলমক কিছু দায়িত্ব অৰ্পণ কৰে বুলি সদৰী কৰে ।