অসম

assam

Morigaon news: মৰিগাঁৱৰ নাঙলী চাপৰিত ৰাইজে পাতিলে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা সভা

কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হ’ল চৰ চাপৰি অঞ্চলৰ লোক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে মুখৰিত চৰ চাপৰিৰ অঞ্চল ।

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:24 PM IST

Published : Sep 26, 2023, 6:24 PM IST

People from Morigaon's Char area came out in support of BJP
মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা সভা

মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা সভা

মৰিগাঁও, 26 ছেপ্টেম্বৰ :মৰিগাঁও জিলাৰ নাঙলী চাপৰিত মঙলবাৰে গোট খালে চৰাঞ্চলৰ সমূহ লোক ৷কংগ্ৰেছে চৰে চৰে অভিযান আৰম্ভ কৰাৰ পূৰ্বেই মৰিগাঁও জিলাৰ চৰ চাপৰিত কংগ্ৰেছ মুৰ্দাবাদ, বিধায়ক আছিফ মহম্মদ নাজাৰ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে চৰ চাপৰিৰ লোকসকলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে মুখৰিত হ’ল চৰ চাপৰি অঞ্চল ।

ভিডিঅ’ত আপোনালোকে প্ৰত্যক্ষ কৰা দৃশ্য মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নাঙলী চাপৰিৰ । জিলাখনৰ কেবাটাও চৰ চাপৰিৰ কেবা শতাধিক পুৰুষ মহিলা উপস্থিত হৈ ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ শ্ল’গান দিয়া পৰিলক্ষিত হৈছে । আনকি কংগ্ৰেছ মুৰ্দাবাদ, লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলিছে ।

চৰ চাপৰিৰ কেবা শতাধিক লোক মিলিত হৈ নাঙলী চাপৰিত অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা আৰু সহযোগিতাৰ সংকল্প সভা । মঙলবাৰৰ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰে চৰবাসীয়ে । এই সভাত নগাঁও লোকসভাৰ বিজেপিৰ সহ-সংযোজক বিষ্ণু ভাগৱতীয়ে চৰবাসীৰ সমস্যাসমূহ একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰিব পাৰিব বুলি আশ্বাস দিয়ে ।

চৰবাসীয়ে প্ৰকাশ কৰে যে বছৰ বছৰ ধৰি কংগ্ৰেছক সমৰ্থন কৰাৰ পিচতো সেইখন চৰকাৰে একো নকৰিলে ৷ এতিয়া মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতা চাই বিজেপিক সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে চৰাঞ্চলৰ লোকসকলে । মুখ্যমন্ত্ৰীক চৰবাসীৰ সমস্যা সমাধান কৰাৰ বাবে অনুৰোধ জনাই চৰবাসীয়ে ৷

লগতে পঢ়ক :Conflict between the Evicted char residents: উৎপাদিত মৰাপাট খেতি কাটি আনিবলৈ উচ্ছেদিত চৰবাসীৰ মাজত অৰিয়াঅৰি

ABOUT THE AUTHOR

...view details