মৰিগাঁও, 20 মে':মৰিগাঁও জিলাৰ গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ মৈৰাবাৰী বজাৰৰ মূল পথটো সম্প্ৰতি বিধ্বস্ত ৷ পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলাকলা খাব লগীয়া হৈছে ৷
মৈৰাবাৰী বজাৰত পথৰ দূৰৱস্থাৰ ফলত ব্যাপক যান-জঁট !
অভিযোগ অনুসৰি 2019 চনৰ 2 ফেব্ৰুৱাৰীত পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে ঠিকাদাৰে ৰাস্তাটোৰ কাম আৰম্ভ কৰা নাই ৷
জানিব পাৰ মতে মৈৰাবাৰী বজাৰৰ তিনি আলীৰ পৰা 1200 কিলোমিটাৰ ৰাস্তা মেৰামতি আৰু নিৰ্মাণৰ বাবে 'SOPD'ৰ পৰা চৰকাৰে 1 কোটি 2 লাখ টকা আৱন্টন দিছিল ৷ কিন্তু অভিযোগ অনুসৰি সেই টকাৰে 2019 চনৰ 2 ফেব্ৰুৱাৰীত পথটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে ঠিকাদাৰে ৰাস্তাটোৰ কাম আৰম্ভ কৰা নাই ৷ ইপিনে পথটো উন্নত কৰাৰ নামত পথটোত পুখুৰী সদৃশ ড্ৰেইন খান্দি থোৱাৰ ফলত ড্ৰেইনত পানী জমা হয় ৷ ফলত বিগত চাৰি মাহে এই ব্যস্ততা পূৰ্ণ ৰাস্তাটোত গাড়ী-মটৰ চলাচল কৰাত বহু অসুবিধা হয় বুলি জনায় অঞ্চবাসীয়ে ৷
লগতে এই অসুবিধাৰ ফলত মৈৰাবাৰী বজাৰত বহু যান-জঁটৰ সৃষ্টি হয় ৷ আনহাতে ঠিকাদাৰে পথ উন্নতকৰণৰ নামত ভাঙি থোৱা নগাঁও-ভূৰাগাঁও ৰাস্তাটোৰ দুয়োকাষে গাড়ী,মটৰ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা যান-জঁটৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিবলৈ অসুবিধা হয় ৷ উল্লেখ্য যে নগাঁও-ভূৰাগাঁও গড়কাপ্তানী পথটোৰ দুয়ো কাষে অবৈধভাৱে বহু সৰু-সুৰা দোকান স্থাপন কৰি ৰাস্তাটো বেদখল কৰাৰ বাবেও বহু যান-জঁটৰ সৃষ্টি হয় ৷ এই বিষয়টো মৈৰাবাৰী আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ বহু কেইখন ই-ৰিক্সা আৰু ৰাস্তাৰ কাষত থকা সৰু-সুৰা দোকান সমূহ উঠাই দিছিল যদিও একাংশ অসাধু ব্যৱসায়ীয়ে পুনৰ একেটা স্থানতে পুনৰ দোকান দিবলৈ আৰম্ভ কৰে ৷