অসম

assam

By

Published : Sep 17, 2020, 5:07 AM IST

ETV Bharat / state

বিধ্বস্ত পথে জলা কলা খুৱাইছে মৰিগাঁওবাসীক

হাজাৰ হাজাৰ কিলোমিটাৰ পথ পকীকৰণ হৈছে বুলি প্ৰচাৰ কৰা গেৰুৱা বাহিনীৰ মিথ্যাচাৰ প্ৰকৃত স্বৰূপ উদঙাইছে মৰিগাঁৱৰ এক সদা ব্যস্ত গড়কাপ্তানি পথে । বৰষুণৰ বতৰত পুখুৰী সদৃশ পানী হয় এইটো পথত ।

pathetic road condition
pathetic road condition

মৰিগাঁও, 16 ছেপ্টেম্বৰ : মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ অধীনৰ নাওকটা- ময়নগুৰি পথে জলা কলা খুৱাইছে পথচাৰীক । মৰিগাঁও গড়কাপ্তানি বিভাগৰ অধীনৰ এই পথটোৰে দৈনিক অহা যোৱা কৰে সহস্ৰাধিক যানবাহন । ৰ'দ ঘাই বতৰত যেনে তেনে অহা যোৱা কৰিলেও বৰষুণৰ বতৰত কোনোমতেই যাব পৰা নায় পথটোৰে ৷ বৰষুণৰ বতৰত পুখুৰী সদৃশ পানী হয় এইটো পথত ।

পথটোৰ উন্নয়নৰ ক্ষেত্ৰত কাণষাৰ নাই জিলা গড়কাপ্তানি বিভাগ আৰু জনপ্ৰতিনিধিৰ । ফলত হাৰাশাস্তি সৰ্বসাধাৰণ জনতাৰ । তথাপি দৈনিক এই পথৰে উত্তৰ মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰী, বৰচলা,ভূৰভন্ধা ,কুশতলী, গৰৈমাৰী, নগাবন্ধা আদি ৰাইজৰ লঘু যানবাহন, দুচকীয়া যানবাহন কৰিবলগা হয় মৰিগাঁৱলৈ । পথৰ দুৰৱস্থাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।

বিধ্বস্ত পথে জলা কলা খুৱাইছে মৰিগাঁওবাসীক

উল্লেখযোগ্য যে, এইপথৰে আহ যাহ কৰিবলগা হয়, মহিলা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নিৰ্মাণ সামগ্ৰী। আহ যাহ কৰিবলগা হয় ভূৰবন্ধা চিকিৎসালয়ৰ চিকিৎসক আৰু চৰকাৰী যান-বাহন তথা জৰুৰী সেৱাৰ এম্বুলেঞ্চ। মুঠৰ ওপৰত মৰিগাঁৱৰ এটা সদাব্যস্ত পথ এইটো । স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা গড়কাপ্তানি বিভাগৰ কৃপাদৃষ্টি নপৰিলে এই দৰে যমৰ যাতনা ভুগি এই পথেৰে যাতায়ত কৰিব লাগিব বৃহত অঞ্চলৰ ৰাইজে ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ যুৱকক আটক কৰি শাৰিৰীক অত্যাচাৰ চীনা সৈন্যৰ

ABOUT THE AUTHOR

...view details