অসম

assam

By

Published : Jun 8, 2021, 4:12 PM IST

ETV Bharat / state

বজাৰৰ অভাৱ: পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ক'ভিড (Covid) সৃষ্ট পৰিস্থিতিৰ বাবে এতিয়া ৰাজ্যত বজাৰৰ অভাৱে দেখা দিছে ৷ যাৰ ফলত 2 পৰা 6/7 টকা দৰতে কৃষকে ফচল বিক্ৰী কৰিবলগীয়া হৈছে ৷ কি কৰিব ? কাৰ সহায় ল'ব এই সকল কৃষকে ?

PATHETIC CONDITION OF CULTIVATORS
বজাৰৰ অভাৱ:পানীৰ দামত বিক্ৰী হৈছে কৃষকৰ ফচল

ধিং, 8 জুন :মধ্যভোগীৰ আগ্ৰাসন, উপযুক্ত বজাৰৰ অভাৱ আদিৰ বাবে উৎপাদিত কৃষি ফচলৰ যথোচিত মূল্য নাপাই চৰম হতাশাত ভুগিবলগীয়া হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট আৰু ভুৰাগাঁও অঞ্চলৰ শ শ খেতিয়ক ৷ অৰ্থনৈতিকভাৱে অতি পিছ পৰা তথা বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা কৃষক সকলে খেতি কৰিয়েই কোনোমতে পৰিয়াল পোহ পাল দি আহিছে ৷

ক'ভিড (Covid 19) পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা কঠোৰ ক'ভিড প্ৰট'কলৰ (Covid Protocol) বাবে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে বজাৰ-সমাৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যাৰ ফলস্বৰূপে বেয়াকৈ প্ৰভাৱিত হৈছ ৰাজ্যৰ খেতিয়ক সকল ৷ বিশেষকৈ আন্তঃজিলা যাতায়ত বন্ধ হৈ পৰাৰ লগে লগে কৃষি জাত সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰাৰ ক্ষেত্ৰত এক প্ৰতিবন্ধকতা আহি পৰে ৷ ফলত একেবাৰে বজাৰ ব্যৱস্থাটোৱেই স্তব্ধ হৈ পৰা বুলিয়ে ক'ব পাৰি ৷

যিধৰণে ৰাজ্যত বজাৰৰ অভাৱে দেখা দিছে তাৰ বাবে বেয়াকৈ ফল ভুগিবলগীয়া হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷ বাজৰৰ অভাৱৰ বাবে কৃষকে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচল বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিব ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিভিন্ন স্থানত পথাৰতে গেলি পচি গৈছে কৃষকৰ ৰঙালাও, তৰমুজ,পটল, জলকীয়া আদি ।

ইফালে, উৎপাদিত সামগ্ৰী কৃষকে পানীৰ দামত বিক্ৰী কৰিব লগা হৈছে । ক'ভিড (Covid) সৃষ্টি পৰিস্থিতিয়ে ভয়ংকৰ দুৰ্যোগ কঢ়িয়াই অনা এই অসহায় কৃষক সকলে বৰ্তমান ৬/৭ টকা কেজিত পটল বিক্ৰী কৰিব লগা হৈছে। তৰমুজ, ৰঙা-লাও ৩/৪টকাত বিক্ৰী কৰিবলগীয়া হৈছে ৷

উল্লেখ্য যে, কৃষক সকলে খেতি কৰাৰ বাবে বন্ধন বেংককে ধৰি অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ সঞ্চয়ৰ পৰা বা ঋণলৈ হাড়ক মাটি কৰি খেতি কৰি ফচল উৎপাদন কৰিছিল। কিন্তু আজি এই উৎপাদিত সামগ্ৰী পানীৰ দামত বিক্ৰী কৰিব লগা হোৱাত ঋণ পৰিশোধ কৰিবলৈ হাজাৰ বাৰ চিন্তা কৰিবলগীয়া হৈছে ৷

ধিঙৰ আব্দুল কালাম নামৰ এজন খেতিয়কে ৬ বিঘা মাটিত পটল খেতি কৰিছিল। কিন্তু খেতিয়ক জনে পটল বিক্ৰী কৰিব নোৱাৰি মূৰে কপালেই হাত দিছে । আনকি ১৫ মোন পটল পানীৰ দামত বিক্ৰী কৰিব লগা হৈছে । ১৫ মোন পটল বিক্ৰী কৰি তেওঁ মাত্ৰ ২৫০০টকা পাইছে যদিও এই টকা উৎপাদনত খৰচ কৰা ধনৰ আধাও নহয় ৷ গতিকে এই খেতিয়ক জনৰ দৰে হাজাৰ জন খেতিয়কে অনিশ্চয়তাৰ ক্ষণ গণিব লগীয়া হৈছে ৷

লগতে পঢ়ক: আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

ABOUT THE AUTHOR

...view details