অসম

assam

ETV Bharat / state

অগপ সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী তৃণমূল কৰ্মীৰ

অগপ দলৰ সংবিধানৰ এক পদ, এক ব্যক্তি নীতি নস্যাৎ কৰিছে অতুল বৰাই। বৰা এফালে মন্ত্ৰী আৰু আনফালে দলৰ সভাপতি হৈ আছে ৷ একপ্ৰকাৰ দলীয় সংবিধান আৰু নীতি উলংঘা কৰিছে বৰ্তমানৰ নেতৃত্বই ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পদত্যাগৰ দাবী তোলে জাগীৰোড বিধান সভা সমষ্টি সমিতিয়ে ৷

Party workers demand the resignation of AGP president Atul Bora
অগপ সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী তৃণমূল কৰ্মীৰ

By

Published : Aug 25, 2020, 8:46 PM IST

মৰিগাঁও,25আগষ্টঃ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে অগপৰ দলীয় নেতৃত্বৰ বিসম্বাদ ৷ এইবাৰ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সৰৱ হ'ল তৃণমূল কৰ্মী ৷ আজি অসম গণ পৰিষদৰ জাগীৰোড বিধান সভা সমষ্টি সমিতিয়ে এখন সংবাদমেল আয়োজন কৰি সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷

অগপ সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী তৃণমূল কৰ্মীৰ

সংবাদমেলত জাগীৰোড বিধান সভা সমষ্টি সমিতিৰ সভাপতি ৰবীন্দ্ৰ নাথ ডেকাই মন্তব্য কৰে যে, অগপ দলৰ সংবিধানৰ এক পদ, এক ব্যক্তি নীতি নস্যাৎ কৰিছে অতুল বৰাই। বৰা এফালে মন্ত্ৰী আৰু আনফালে দলৰ সভাপতি হৈ আছে ৷ একপ্ৰকাৰ দলীয় সংবিধান আৰু নীতি উলংঘা কৰিছে বৰ্তমানৰ নেতৃত্বই৷যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ পদত্যাগৰ দাবী তোলে জাগীৰোড বিধান সভা সমষ্টি সমিতিয়ে ৷ তদুপৰি অগপ দলৰ প্ৰাক্তন সভাপতি তথা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ছয় মাহৰ ছুটী লোৱা সুবিধাৰ গইনা লৈ এতিয়া সভাপতিৰ আসন খন দখলৰ চেষ্টাত অতুল বৰাই উঠি পৰি লাগিছে বুলিও অভিযোগ কৰে সভাপতি ৰবীন্দ্ৰ নাথ ডেকাই ৷

ইপিনে, সংবাদমেলত উপস্থিত থাকি জাগীৰোড সমষ্টিৰ অগপৰ অন্যতম নেতা তথা জাগীৰোড বিধান সভা সমষ্টি সমিতিৰ উপ-সভাপতি বিনোদ বৰাই অহা ২৭ আগষ্টত হ'বলগীয়া সাধাৰণ সভাত অতুল বৰাই "টেবুল" সমিতিৰ জৰিয়তে সভাপতিৰ আসন খন ধৰি ৰখাৰ চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷ দলৰ নীতি অনুসৰি গণতান্ত্ৰিক ভাবে নিৰ্বাচিত হোৱা জাগীৰোড সমষ্টি সমিতিক অৱমাননা কৰি নিজৰ খেয়ালখুচি মতে ঘৰতে সমিতি গঠন কৰি অতুল বৰাই সভাপতি হ'বলৈ মন মেলিছে বুলিও বিস্ফোৰক মন্তব্য কৰে ৷

আনহাতে, সংবাদমেলত উপস্থিত থাকি জাগীৰোড সমষ্টি সমিতিৰ সহঃসম্পাদক লাচিত ডেকাই অগপ দলৰ নেতৃত্ব সলনি হ'ব লাগে বুলি দাবী উত্থাপন কৰে । বৰ্তমানৰ সভাপতিৰ নেতৃত্বত অগপ দলটো ধ্বংসৰ মুখলৈ গতি কৰিছে বুলি কৈ দলটো শক্তিশালী কৰাৰ স্বাৰ্থত অতুল বৰাই পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰে ৷ সমান্তৰালভাৱে অগপৰ নেতা প্ৰেমানন্দ ডেকাইও সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰো পদত্যাগ দাবী কৰি তেওঁলোকে অসাংবিধানিক ভাবে দলটো পৰিচালনা কৰি আছে বুলি অভিযোগ উত্থাপন কৰে।

জাগীৰোড বিধান সভা সমষ্টি সমিতিয়ে আজি সংবাদমেলৰ জৰিয়তে অগপ দলৰ প্ৰতিস্থাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তকেই পুনৰ সভাপতি পদ এৰি দিবলৈ দাবী জনায়৷তদুপৰি অহা ২৭ আগষ্টত দলৰ আমবাৰী কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভাত ৰাজ্যৰ সকলো জিলা সমিতি আৰু সমষ্টি সমিতিৰ বিষয়ববীয়াক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ভোট দিবলৈও একেমুখে আহ্বান জনায় ৷

উল্লেখযোগ্য যে, আজিৰ এই সংবাদমেলত জাগীৰোড সমষ্টিৰ অগপৰ নেতা চিদাম দেউৰী, দুলাল মজুমদাৰ, অনিল চন্দ্ৰ পাঠক, অঞ্জলি দেৱী, মহিবুৰ ৰহমানকে ধৰি বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃবেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details