অসম

assam

ETV Bharat / state

PMAY Scam : ধন আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়তৰ সভাপতি সহ কৰ্মীক আটক - Panchayat president co worker detained

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিমৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লচনাবড়ী গাঁও পঞ্চায়তৰ সভাপতি দিলদাৰ হুছেইন সহ পঞ্চায়ত কৰ্মী মইদুল হাজৰিকাক জালিয়াতিৰে ঘৰৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী ৷

Panchayat president co worker detained
ধন আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়তৰ সভাপতি সহ কৰ্মীক আটক

By

Published : Jun 24, 2023, 6:19 PM IST

ধন আত্মসাৎ কৰাৰ অভিযোগত পঞ্চায়তৰ সভাপতি সহ কৰ্মীক আটক

ধিং, 24 জুন : ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীক ঘৰ প্ৰদানৰ ক্ষেত্ৰত ধন আত্মসাৎ কৰাৰ বিভিন্ন কেলেংকাৰী পোহৰলৈ আহিছে ৷ এইবাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লচনাবড়ী গাঁও পঞ্চায়তৰ সভাপতি দিলদাৰ হুছেইন সহ পঞ্চায়ত কৰ্মী মইদুল হাজৰিকাক জালিয়াতিৰে ঘৰৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

পঞ্চায়তটোত থকা দুখীয়া দৰিদ্ৰ লোকৰ নামত আৱন্টিত PMAY ঘৰ নিৰ্মাণৰ নামত দুখীয়া লোকক প্ৰতাৰণা কৰি জালিয়াতিৰে ধন আত্মসাৎ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল সভাপতি দিলদাৰ হুছেইনৰ বিৰুদ্ধে ৷ কেৱল এয়াই নহয় পঞ্চায়ত কৰ্মী মইদুল হাজৰিকায়েও দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত জালিয়াতি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল ৷

আনকি এজনৰ নামত অহা ঘৰ আন এজনৰ নামত দিয়াৰ লগতে কেইবাজনো দৰিদ্ৰ লোকৰ ঘৰ নিৰ্মাণ নকৰাকৈয়ে ধন আত্মসাৎ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷ দুয়োগৰাকীয়ে মিলি পঞ্চায়তটোৰ নামত মোকলাই দিয়া MGNREGA, PMAY গৃহ আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি পঞ্চায়তটোৰ অধীনস্থ ইলিয়াছ আহমেদ নামৰ ভুক্তভোগী এজনে মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ক্ষেত্ৰ ভিত্তিত তদন্ত চলাই অৱশেষত গ্ৰেপ্তাৰ কৰে দুয়োজনক। বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত দুয়ো অভিযুক্তক জেৰা চলাই থকা হৈছে । ইপিনে লোচনাৱৰী গাঁও পঞ্চায়তৰ PMAY গৃহ কেলেংকাৰী সন্দৰ্ভত মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক (অপৰাধ) শাখাৰ সমীৰণ বৈশ্যই সংবাদ মাধ্যমক সম্বোধন কৰি বৃহৎ কেলেংকাৰীৰ বিষয়ে অৱগত কৰে। গ্ৰেপ্তাৰ হোৱা দুজনৰ লগত আৰু কেইবাজনো পঞ্চায়ত কৰ্মচাৰী জড়িত আছে বুলি জানিব দিয়াৰ লগতে বাকী সকলকো অতি শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলি জানিব দিয়ে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পঞ্চায়তটোৰ কেইবাজনো হিতাধিকাৰীৰ নামত চৰকাৰী আৱাসগৃহৰ আৱন্টন হোৱা ধন সম্পূৰ্ণ আত্মসাৎ কৰাৰ অভিযোগ লাভ কৰাৰ পিচতে আৰক্ষীয়ে ক্ষেত্ৰভিত্তিক তদন্ত কৰিছিল। এই তদন্তত পোহৰলৈ আহিছিল যে হিতাধিকাৰীসকলে কোনো ধৰণৰ চৰকাৰী ঘৰ লাভ কৰা নাই। কিন্তু ঘৰ সম্পূৰ্ণ হোৱা বুলি কাগজে কলমে দেখুওৱা হৈছে।

এনেকৈ কাগজে কলমে ঘৰ সম্পূৰ্ণ হোৱা দেখুওৱাই পঞ্চায়ত কৰ্মচাৰীৰে মিলি সভাপতিয়ে আৱাসগৃহৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত আৰক্ষীৰ তদন্তত আৰু বহুত পঞ্চায়ত কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Aditya Khaklari controversial comment: টিংখাঙত জ্বলিল আদিত্য খাকলাৰীৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details