মায়ঙত পঞ্চ গোঁসাই মেলা - assam news
মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সহ দা-ডাঙৰীয়া সকলে অংশ গ্ৰহণ কৰে এই উৎসৱত । যাৰ বাবে সমগ্ৰ মায়ঙতে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷

মায়ঙত পঞ্চ গোঁসাই মেলা
মৰিগাঁও, 20 এপ্ৰিলঃ মায়ঙত উদযাপন 351 সংখ্যাক পঞ্চ গোঁসাই মেলা । মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সহ দা-ডাঙৰীয়া সকলে অংশ গ্ৰহণ কৰে এই উৎসৱত । যাৰ বাবে সমগ্ৰ মায়ঙতে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷ মেলাৰ লগত সংগতি ৰাখি অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰ পদুলিতে গোঁসাইক আদৰে স্থানীয় ৰাইজে । পৰম্পৰা অনুসৰি পথত গামোছা পাৰি ধূপ-ধূনাৰে সেৱা জনাই তথা আশীৰ্বাদ লয় গোঁসাইৰ পৰা ।