অসম

assam

ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি পবিতৰা

মঙলবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাৎ ৰাজ্যৰ অন্যতম অভয়াৰণ্য পবিতৰা ৷ অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অভয়াৰণ্যখন দৰ্শকৰ বাবে আনুস্থানিক ভাৱে মুকলি কৰে ৷

Pabitora open for tourist morigaon assam etv bharat news
পৰ্যটকৰ বাবে মুকলি পবিতৰা

By

Published : Nov 10, 2020, 8:29 PM IST

মৰিগাঁও,10 নৱেম্বৰ: পৰ্যটকৰ বাবে অৱশেষত মুকলি হ’ল পবিতৰা অভয়াৰণ্য ৷ মঙলবাৰে নাৰিকল ভাঙি, ফিটা কাটি অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আদি ৷

পৰ্যটকৰ বাবে মুকলি পবিতৰা

দেশী-বিদেশী পৰ্যটকক উদ্দেশ্য কৰি 20 খন জীপ চাফাৰী, 10 টা হাতী চাফাৰীৰে পৰৱৰ্তী 2020-21 বৰ্ষৰ বাবে সাজু কৰা হৈছে অভয়াৰণ্যখন ৷ অভয়াৰণ্যখনৰ মুকলি অনুষ্ঠানটোত উপস্থিত থাকে বন বিভাগৰ বহুকেইজন শীৰ্ষ বিষয়াৰ লগতে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা ৷ পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া মুকুল তামূলী আৰু মায়ং মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ উৎপল কুমাৰ নাথে আঁত ধৰা সভাখনৰ পিছতে হাতী আৰু জীপ চাফাৰীৰে পবিতৰাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে মুখ্য অতিথিসকলে ৷

লগতে চাওকঃগুৱাহাটীত নিষিদ্ধ ফটকা-আতচবাজী

ABOUT THE AUTHOR

...view details