মৰিগাঁও, 7 জুন: বুধবাৰে মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা, সদ্য প্ৰয়াত জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী অতি সৎ নেত্ৰীক হেৰুৱাই আমি মৰ্মাহত বুলি মন্তব্য কৰে বিৰোধী দলপতিজনে ৷ জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন বিধায়িকা গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে নেতাজনে (Opposition Leader Debabrata Saikia in Morigaon) ৷
আনহাতে মৰিগাঁৱত উপস্থিত হৈ শাসকীয় দলক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই ৷ যদি যুক্তিসংগতভাৱে ভোট দিব লাগে তেন্তে বিজেপিক ভোট দিয়াটো অনুচিত হ'ব মন্তব্য কৰে তেওঁ ৷ একেদৰে বিৰোধী দলৰ দলপতি গৰাকীয়ে প্ৰসংগক্ৰমে 'কা' আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'কা ' আন্দোলনৰ ক্ষেত্ৰত বহুতে সাপে মোত সলোৱাৰ দৰে স্থিতি গ্ৰহণ কৰিছিল ৷ সেয়া অসমীয়া ৰাইজে সকলোৱে প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ বিপৰীতে লুৰীণজ্যোতি গগৈ নিজৰ স্থিতিত অটল আছিল ৷ সেই বাবে লুৰীণজ্যোতি গগৈয়ে নিজকে বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে (Opposition Leader Debabrata Saikia) ৷