মৰিগাঁও,১০ মে' : মৰিগাঁওবাসীৰ বাবে সুখবৰ । মৰিগাঁৱত আৰম্ভ হৈছে অনলাইন ৰেষ্টুৰেন্টৰ ব্যৱস্থা । শুকুৰবাৰে মুকলি হয় লা-কেফেতেৰীয়া (ফাইন ডাইন,হোমদেলিভাৰী) নামৰ আনলাইন ৰেষ্টুৰেন্ট খন । মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা জিলা সাহিত্য সভা, জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি হয় ৰেষ্টুৰেন্টখন ।
অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত ! - অনলাইন ৰেষ্টুৰেন্ট
মৰিগাঁওবাসীয়ে এতিয়াৰে পৰা ভিৰ কৰিব নালাগে হোটেল,ৰেষ্টুৰেন্ট কিম্বা ফাষ্টফুডৰ দোকানত । কাৰণ ঘৰতে বহি ৪৫মিনিটৰ ভিতৰত লাভ কৰিব মনপচন্দৰ ৰেচিপি।
![অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3245572-thumbnail-3x2-mori.jpg)
অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত !
অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত !
এতিয়াৰে পৰা ঘৰতে বহি ৪৫মিনিটৰ ভিতৰত লাভ কৰিব আপোনাৰ মনপচন্দৰ ৰেচিপি । কেৱল এই খাদ্য সামগ্ৰীয়েই নহয় ৰেষ্টুৰেন্টখনে একে সময়তে যোগান ধৰিব পাকঘৰৰ সুগন্ধি মছলাৰ পৰা বিবিধ শাক-পাছলিলৈ । মৰিগাঁৱৰ কেইজনমান শিক্ষিত উদ্যমী যুৱকৰ দ্বাৰা স্থাপন কৰা লা-কেফেতেৰীয়া নামৰ ৰেষ্টুৰেন্টখনে এতিয়া ৰাইজৰ প্ৰিয় পাত্ৰ হ'ব পাৰিবনে নাই সেই সময়তহে লক্ষণীয় হ'ব ।