অসম

assam

ETV Bharat / state

পবিতৰা অভয়াৰণ্যত আৰম্ভ ২০২২ বৰ্ষৰ গঁড়ৰ জৰীপৰ কাম - মৰিগাঁও বন বিভাগে

মঙলবাৰৰ পৰা দুদিনীয়াকৈ পবিতৰা অভয়াৰণ্যত আৰম্ভ গঁড়ৰ জৰীপৰ কাম । মঙলবাৰে পুৱাই বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ৭ টা ভাগত বিভক্ত হৈ আৰম্ভ কৰে এশিঙীয়া গঁড়ৰ ২০২২ বৰ্ষৰ জৰীপ (One horned rhino census in Pobitora Wildlife Sanctuary) ।

Morigaon one horned rhino census 2022
দুদিনীয়াকৈ পবিতৰা অভয়াৰণ্যত আৰম্ভ গঁড়ৰ জৰীপৰ কাম

By

Published : Mar 23, 2022, 2:25 PM IST

মৰিগাঁও, 23 মাৰ্চ : মঙলবাৰৰ পৰা পবিতৰা অভয়াৰণ্যত আৰম্ভ হৈছে গঁড় গণনাৰ কাম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাচতে ঘন বসতিপূৰ্ণ এটা খড়্গ যুক্ত গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য । প্ৰতি বছৰে অভয়াৰণ্যখনৰ বিভিন্ন পশু পক্ষীৰ সমান্তৰালকৈ পৃথিৱী বিখ্যাত এটা খড়্গ যুক্ত গঁড়ৰ গণনা কৰি অহা হৈছে ।

পবিতৰা অভয়াৰণ্যত আৰম্ভ 2022 বৰ্ষৰ গঁড়ৰ জৰীপৰ কাম

2022 বৰ্ষৰ পবিতৰা অভয়াৰণ্যত গঁড়ৰ গণনা প্ৰক্ৰিয়া মঙলবাৰে পুৱাৰ পৰা আৰম্ভ কৰে মৰিগাঁও বন বিভাগে (One horned rhino census 2022 of Pobitora Wildlife Sanctuary)। দুদিনীয়া কাৰ্যসূচীৰে মুঠ ৭ টা ব্লকত এই গণনা কাৰ্য সমাপন কৰা হয় । অভয়াৰণ্যখনৰ সম্পূৰ্ণ ৭ টা ব্লকত হাতীৰ সহযোগত গঁড় গণনা কাৰ্য আৰম্ভ কৰিছে বন বিভাগে ।

পবিতৰা অভয়াৰণ্যত আৰম্ভ 2022 বৰ্ষৰ গঁড়ৰ জৰীপৰ কাম

তথ্য অনুসৰি, ২০১৮ চনত গণনাকাৰী দলে অভয়াৰণ্যখনত গণনা কৰি পাইছিল মুঠ ১০২ টা গঁড় ৷ বুধবাৰৰ দিনটো সম্পূৰ্ণ গণনা কৰাৰ অন্ততহে অভয়াৰণ্যখনত কিমান গঁড় আছে, তাৰে সঠিক তথ্য প্ৰকাশ কৰিব বন বিভাগে । ইফালে দুদিনীয়া কাৰ্যসূচীৰ অন্তত সোমবৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনাৰ কাম সম্পূৰ্ণ (Rhino census of Orang National Park) কৰা হয় ৷

তথ্য অনুসৰি, চলিত বৰ্ষত উদ্যানখনত বৃদ্ধি পাইছে ২৪ টাকৈ গঁড় (Rhino Population Increases at Orang National Park) । ইয়াৰ পূৰ্বে উদ্যানখনত আছিলে ১০১ টা গঁড় । কিন্তু এইবাৰ গণনাত পোৱা গ'ল মুঠ ১২৫ টা গঁড় ৷ মঙলদৈ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই সোমবাৰে জনাই এই কথা ।

দুদিনীয়াকৈ পবিতৰা অভয়াৰণ্যত আৰম্ভ গঁড়ৰ জৰীপৰ কাম

সেই অনুসৰি, উদ্যানখনত আছে মুঠ ৪৩ টা মতা গঁড়, ৪৯ টা মাইকী গঁড়, ২৩ টা পোৱালি গঁড় আৰু মতা মাইকী নিৰ্ণয় কৰিব নোৱাৰা গঁড়ৰ সংখ্যা হৈছে ১০ টা । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং আৰু শোণিতপুৰ জিলাৰ ৭৮.৮১ বৰ্গ কি:মি: সামৰি থকা উদ্যানখনত ২৪ টাকৈ গঁড়ৰ বৃদ্ধিয়ে সম্প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক :ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details