অসম

assam

ETV Bharat / state

মৰিগাঁৱত বানে প্ৰাণ ল'লে এজনৰ - বান

বানৰ ফলত পানীৰে উপচি থকা দ' গাঁতত পৰি মৃত্যুক সাবটিলে মৰিগাঁৱৰ এজন লোকে ৷ হোমেশ্বৰ ডেকা মানৰ লোকজনৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷

মৰিগাঁৱত অকাল মৃত্যুক সাৱটিলে এজনে

By

Published : Jul 17, 2019, 7:50 PM IST

মৰিগাঁও, 17 জুলাই : মৰিগাঁও জিলাত বুধবাৰে বানৰ কবলত পৰি আন এজন লোকে প্ৰাণ হেৰুৱাব লগা হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে প্ৰায় এঘাৰ বজাত মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গছৰগুৰি গাঁৱৰ হোমেশ্বৰ ডেকাই (৪৫) চুবুৰীয়া গাঁৱৰ শহুৰেকৰ ঘৰলৈ গৈ ওভতি অহাৰ পথত নিখোঁজ হৈ পৰে । গাঁৱৰ ৰাইজে প্ৰকাশ কৰা মতে পানীৰে উপচি থকা পথেৰে ঘৰলৈ ঘূৰি অহাৰ সময়তে পথৰ কাষতে থকা দ' গাঁতত পৰি মৃত্যু হয় হোমেশ্বৰ ডেকাৰ ৷

মৰিগাঁৱত অকাল মৃত্যুক সাৱটিলে এজনে

ঘটনাৰ পাছতে SDRFৰ দল উপস্থিত হয় আৰু হোমেশ্বৰ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এই ঘটনাৰ পাছতে পৰিয়ালৰ লগতে গছৰগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে বুধবাৰে মৃত্যু হোৱা হোমেশ্বৰ ডেকাকে ধৰি এই ছয় দিনত মৰিগাঁৱত বানে ছজনকৈ লোকৰ প্ৰাণ কাঢ়িছে ৷

ABOUT THE AUTHOR

...view details