ধিং, 3 জানুৱাৰী:মৰিগাঁও জিলাৰ মৈৰাবাৰীত বনভোজেৰে নৱবৰ্ষ উদযাপন কৰিলে বৃদ্ধাশ্ৰমৰ একাংশ আৱাসীয়ে ৷ দেওবাৰে warriors এক জাগৰণ নাৰীত্বৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত এখন বৃদ্ধাশ্ৰমত আয়োজন কৰা হয় বনভোজৰ ৷ প্ৰতিষ্ঠানটোৰ এনে ব্যতিক্ৰমী প্ৰয়াসক শলাগ লৈছে একাংশই ৷
ব্যতিক্ৰমী ৰূপত মৰিগাঁৱৰ এখন বৃদ্ধাশ্ৰমত বনভোজৰ আয়োজন
দেওবাৰে warriors এক জাগৰণ নাৰীত্বৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত এখন বৃদ্ধাশ্ৰমত আয়োজন কৰা হয় বনভোজৰ ৷
ব্যতিক্ৰমী ৰূপত মৰিগাঁৱৰ এখন বৃদ্ধাশ্ৰমত বনভোজৰ আয়োজন
বনভোজ কাৰ্যসূচীত warriors এক জাগৰণ নাৰীত্বৰ মৰিগাঁও জিলা সমিতিৰ সভানেত্ৰী মিছিৰা বেগম, সম্পাদিকা গীতিমা ডেকাৰ লগতে উপদেষ্টা স্বপ্না কলিতা আৰু জিলা সমিতিৰ বৃত্ত সম্পাদক আলম বাহাৰুল ইছলাম উপস্থিত থাকে ৷ আটাইকেইগৰাকী লোকে আৱাসী সকলৰ সৈতে আনন্দৰ মাজেৰে সময় কটোৱাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময়ো কৰে ৷