মৰিগাঁও, 10 ডিচেম্বৰ : তিৱা স্বায়ত্বশাসন পৰিষদৰ তেতেলীয়া সমষ্টিৰ তিৱা ঐক্য মঞ্চৰ প্ৰাৰ্থী ধৰ্ম সিং বৰদলৈয়ে কুমৈ চাৰি আলীত বৃহস্পতিবাৰে নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰে ৷ নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত বহুকেইজন জাতীয়তাবাদী শিবিৰৰ নেতা উপস্থিত থাকে ৷
তেতেলীয়া সমষ্টিত কাৰ্যালয় মুকলি ধৰ্ম সিং বৰদলৈৰ - তিৱা ঐক্য মঞ্চৰ প্ৰাৰ্থী ধৰ্ম সিং বৰদলৈ
তিৱা ঐক্য মঞ্চৰ প্ৰাৰ্থী ধৰ্ম সিং বৰদলৈয়ে কুমৈ চাৰি আলীত বৃহস্পতিবাৰে নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰে ৷ মুকলি অনুষ্ঠানত বহুকেইজন জাতীয়তাবাদী শিবিৰৰ নেতা উপস্থিত থাকে ৷
তেতেলীয়া সমষ্টিত কাৰ্যালয় মুকলি ধৰ্ম সিং বৰদলৈৰ
ইফালে, উপস্থিত থকা তিৱা সংগঠনৰ নেতৃত্বই ভাষণৰ সময়ত সমালোচনা লক্ষ্য কৰি লয় শাসকীয় দলৰ প্ৰাৰ্থী খগেন বৰদলৈক। উল্লেখ্য যে, তিৱা ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা তিৱা সংগ্ৰামী নেতা ধৰ্ম সিং বৰদলৈক অগপ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমি পাৰ্টি, চিপি আইকে ধৰি ছয়টাকৈ ৰাজনৈতিক দলে সমৰ্থন আগবঢ়োৱা কথা জানিবলৈ দিয়ে তিৱা ঐক্য মঞ্চৰ নেতৃত্বই ৷
লগতে পঢ়ক:ভোটগ্ৰহণৰ মাজতে চিৰাঙৰ খুংগ্ৰীঙত উত্তপ্ত পৰিস্থিতি