মৰিগাঁও, 9 নৱেম্বৰ:জাতি, মাটি, ভেটি তথা ৰাজ্যৰ পুৰণি মঠ-মন্দিৰ সমুহক সংৰক্ষণ তথা পুনৰ মেৰামতিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে অৱহেলিত হৈছে মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী নভংগা চোলাপাৰত থকা এখন পৌৰাণিক আশ্ৰম ৷ অসম দৰ্শন আঁচনিৰ পৰা বঞ্চিত এই সাত শ বছৰীয়া নভঙ্গা সন্ত আশ্ৰমখন ৷ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সুবিধা আছে যদিও আজিলৈকে কোন ধৰণৰ উন্নয়নৰ মুখ নিদেখিলে এই "নভঙ্গা সন্ত আশ্ৰম"খনে ৷
আশ্ৰম খনৰ প্ৰতি নগাঁৱৰ সাংসদ আৰু মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়কে চুড়ান্ত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবেই দুয়োখন জিলাৰ কৰ্তৃপক্ষৰ উদাসীনতাৰ বলি হৈ আশ্ৰম খন সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ (Nabhanga Sant Ashram still deprived of government schemes) ৷
উল্লেখ্য যে, মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ(BJP MLA Ramakanta Deori) কাৰ্যকাল শেষ হ'বৰ হ'ল ৷ কিন্তু বিধায়ক জনৰ কাৰ্যকালতো একো এটা চৰকাৰী সুবিধাৰ মুখ নেদেখিলে আশ্ৰমখনে ৷ শেহতীয়াকৈ চৰাইবাহী বৰভগীয়াৰ এজন প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতিয়ে স্বয়ম্ভূ পৰিচালনা সমিতিৰ সভাপতি হৈ আশ্ৰমখনক লৈ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷