মৰিগাওঁ,28 এপ্ৰিল:কৰ’ণাৰ দ্বিতীয় ঢৌৱে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে মহামাৰী কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁৱতো নতুনকৈ কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নীতি বান্ধি দিছে আৰু ৰাজ্যত নৈশ আইন বলৱৎ কৰিছে ৷ ক’ভিভ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে এই সিদ্ধান্তক একেমুখে আদৰি লয় ৷ সেয়ে আৰক্ষীয়ে সকলোকে আঠ বজাৰ পূৰ্বে ঘৰলৈ যোৱাৰ আহ্বান জনায় ।
মঙলবাৰৰ পৰা মৰিগাঁৱত বলৱৎ নৈশ আইন - নৈশ আইন
ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁৱতো মঙলবাৰৰ নিশাৰ পৰা বলৱৎ কৰা হৈছে নৈশ সান্ধ্য আইন । কৰ’ণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই ব্যৱস্থা প্ৰৱৰ্তন হৈছে ।
মঙলবাৰৰ পৰা মৰিগাঁৱত নৈশ আইন বলবৎ
আনহাতে, নিৰ্দেশনা অনুসৰি ৰাইজে আঠ বজাৰ পূৰ্বে মৰিগাঁও চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰা-ঘৰি হয় । ইয়াৰ লগতে কোনো কাৰণ নোহোৱাকৈ নিশা ঘৰৰ পৰা বাহিৰ হ’লে এহাজাৰ টকাৰ জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰে জিলাখনৰ যান-বাহন আৰক্ষীয়ে ।
লগতে পঢ়ক: ডিব্ৰুগড়ত ২৮ এপ্ৰিলৰ পৰা ১২ মে পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা উপায়ুক্তৰ