তেজপুৰ, 8 মে’ : ৰাজ্যৰ অন্যতম আগশাৰী সাংবাদিক সংগঠন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নতুন সমিতিয়ে দেওবাৰে গুৱাহাটীৰ মিডিয়া ট্ৰাষ্টত অনুষ্ঠিত এক অনুষ্ঠানত দায়িত্ব গ্ৰহণ কৰে (ASJU Assam State Journalist Union) ৷ সন্থাৰ মৰিগাঁও অধিবেশনত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু প্ৰদীপ ডেকাৰ নেতৃত্বত নতুন সমিতিক কাৰ্যভাৰ অৰ্পণ কৰে পুৰণি কাৰ্যনিৰ্বাহকে ৷
এই উপলক্ষে বিদায়ী সভাপতি তথা পুনৰবাৰ সভাপতি নিৰ্বাচিত হোৱা জিতু শৰ্মা ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদায়ী সাধাৰণ সম্পাদক ৰাতুল বৰাই সংগঠনটোক আজিৰ পৰ্যায়লৈ গঢ়ি তোলাৰ বাবে কৰা ত্যাগৰ বাবে প্ৰতিগৰাকী বিষয়ববীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আজীৱন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এগৰাকী অভিভাৱক হিচাপে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় ৷
বিদায়ী সাধাৰণ সম্পাদক ৰাতুল বৰাই সংগঠনটোক বৰ্তমানৰ পৰ্যায়ত উপনীত কৰাৰ ক্ষেত্ৰত আন বহুকেইজনৰ লগতে কমল নাথ, জিতু কলিতা, জিতু শৰ্মা ৰাজখোৱা, প্ৰদীপ ডেকাৰ অৱদানৰ কথা উল্লেখ কৰে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাই ইণ্ডিয়ান জাৰ্ণলিষ্ট ইউনিয়নৰ স্বীকৃতি লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি ৰাতুল বৰাই মন্তব্য কৰে ৷ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক ড৹ হৰমোহন কলিতাই নৱ নিৰ্বাচিত বিষয়ববীয়া সকলক শপতবাক্য পাঠ কৰায় (Assam State Journalist Union) ৷